নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰস্তুতি শেষ : কাইলৈৰ পৰা নতুন দিল্লীত লাচিত বৰফুকনৰ জন্মজয়ন্তী

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰঃ সমগ্ৰ দেশৰ সমুখত দাঙি ধৰা হব মোগলক পৰাজিত কৰা বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী। ইয়াৰ বাবে দিল্লীৰ বিজ্ঞান ভৱনত সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী তিনি দিনীয়া কাৰ্যসূচীৰ কাইলৈ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাত ২৪ নৱেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ২৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামৰণী অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। লক্ষ্যণীয়ভাৱে অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আজি নিশাৰ ভিতৰত অসমৰ পৰা মুঠ ১০৫০ জন বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীয়ে দিল্লী আহি পাব। ইয়াৰ বাবে দিল্লীৰ বিভিন্ন হোটেলত ৭৫০টা কোঠা সংৰক্ষণ কৰা হৈছে। কেৱল পঞ্চতাৰকা হোটেল অশোকাত সংৰক্ষণ কৰা হৈছে ৩৫০টা কোঠা। মন কৰিবলগীয়া যে ২৩-২৫ নৱেম্বৰৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে ৰাজ্যৰ ১৫০ গৰাকী বিশিষ্ট ব্যক্তি ইতিমধ্যে দিল্লী আহি পাইছে। লগতে ইতিহাসৰ পাঠ লৈ থকা স্কুল কলেজৰ ২৩১জন ছাত্ৰ-ছাত্ৰীয়েও অনুষ্ঠানত অংশ লব। আমন্ত্ৰিত সকলৰ ভিতৰত আছে দেশৰ বিভিন্ন প্ৰান্তৰ ৫০-৬০গৰাকী বিশিষ্ট ইতিহাসবিদো। লক্ষ্যনীয়ভাৱে অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰায় সকলো ৰাজপৰিয়ালৰ সদস্যসকল। অনুষ্ঠানত প্ৰদৰ্শন কৰাৰ বাবে অসমৰ পৰা আহিব কেবাজনো সাংস্কৃতিক কৰ্মীও। ইয়াৰ বাবে দক্ষিণ দিল্লীৰ সুন্দৰ নাৰ্ছাৰীত সাংস্কৃতিক অনুষ্ঠানৰ বাবে সুকীয়াকৈ স্থান গ্ৰহণ কৰা হৈছে। ইপিনে দিল্লীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ আন এক আকৰ্ষণ হৈছে অনুষ্ঠান থলী বিজ্ঞান ভৱনৰ প্ৰাংগণত স্থাপন কৰা হৈছে এখন অসমীয়া গাওঁ। গাওঁখনত আছে মিচিং সম্প্ৰদায়ৰ চাং ঘৰ। চাহ বাগানৰ শ্ৰমিক সকলৰ জীৱন যাপনৰ প্ৰতিচ্ছবিও গাওঁখনত দাঙি ধৰা হৈছে। আছে নামঘৰো। আনহাতে আহোম সকলে কেনেদৰে নিজা নিজা ৰীতিনিয়ম তথা পুজা কৰে সেয়াও প্ৰদৰ্শন কৰা হব। আনহাতে বিজ্ঞান ভৱনৰ ভিতৰতো আন এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। উক্ত প্ৰদৰ্শনীত মূলত আহোম ৰাজত্বৰ ইতিহাস দাঙি ধৰা হব। কাইৈ মূল অনুষ্ঠানটোৰ সমান্তৰালকৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে পুৱা এঘাৰ বজাত দুয়ো প্ৰদৰ্শনী উদ্বোধন কৰিব। উল্লেখ্য যে তিনি দিনীয়া কাৰ্যসূচীৰ প্ৰথম দুদিনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। আনহাতে ২৩ আৰু ২৪ তাৰিখ সন্ধিয়াৰ ভাগত সুন্দৰ নাৰ্চাৰি বুলি আন এখন ঠাইত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মূলত দেশপ্ৰেম মূলক এই সাংস্কৃতিক অনুষ্ঠানত সত্ৰিয়া নৃত্যৰ পৰা আম্ভ কৰি ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত পৰিবেশন কৰা হব। জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্তয়ো উক্ত অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব যদিও কোনো জনপ্ৰিয় গীত নহয় তেওঁ দেশপ্ৰেমমূলক গীতেই পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে। আনহাতে সাংস্কৃতিক অনুষ্ঠানত লাচিত বৰফুকনৰ জীৱন কাহিনীৰ অৱলম্বনত হিন্দীত এখন নাটক প্ৰদৰ্শন কৰাৰ কথা। আনহাতে বিজ্ঞান ভৱনৰ মুখ্য অনুষ্ঠানৰ দ্বিতীয় দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বীৰ লাচিত ফুকনকলৈ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা এখন তথ্যচিত্ৰৰ শুভউদ্বোধন কৰিব। সামৰণী অনুষ্ঠিনত প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা লাচিতৰ জীৱনগাথা সম্বলিত গ্ৰন্থৰ শুভ উন্মোচন কৰিব। মন কৰিব লগীয়া যে যোৱা এপষেক ধৰি ৰাজ্যৰ বিভিন্ন বিভাগৰ প্ৰায় ২০০জন বিষয়া-কৰ্মচাৰীয়ে দিল্লীত বাহৰ পাতি লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ প্ৰস্তুতিত ব্যস্ত হৈ আছে। সঘনে দিল্লী ভ্ৰমণ কৰিছে খোদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ সকলো কেবিনেট মন্ত্ৰীসকল। গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰীজনে আজি নিশাৰ ভিতৰত দিল্লী আহি পাব। আনহাতে ৰাজ্যৰ সকলো মন্ত্ৰী যোৱা দুদিন ধৰি দিল্লীত বাহৰ পাতি আছে। অধিকাংশ বিধায়কেই ইতিমধ্যে দিল্লী আহি পাইছে।

You might also like