পত্নী–মাহীমাকক চোকা অস্ত্রৰে হত্যা যুৱকৰ
নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ অন্তর্গত তিনিঠেঙীয়া গোসাঁইপুখুৰীত আজি বিয়লি সংঘটিত এক লোমহর্ষক ঘটনাই সমগ্র অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা সন্দর্ভত বঙালমৰা আৰক্ষী চকীৰ এটা সূত্রই জানিবলৈ দিয়া মতে, গাঁওখনৰ আব্দুল হালিমৰ পুত্র জামাল উদ্দিন ওৰফে নুৰজামাল নামৰ যুৱকজনে আজি বিয়লি হাতত চোকা অস্ত্র লৈ নিজ পত্নী, সন্তান, পৰিয়ালক ঘপিয়াই স্থানীয় লোককো এফালৰ পৰা আক্রমণ কৰে৷
উন্মাদ যুৱকজনে নিজ পত্নী শ্বাহিদা বেগমক হত্যা কৰাৰ লগতে আন চাৰি–পাঁচজনকো গুৰুতৰভাৱে আহত কৰে৷ ঘটনাৰ খবৰ পাই বঙালমৰা আৰক্ষী উপস্থিত হোৱাত হত্যাকাৰী যুৱকজনে আৰক্ষীকো আক্রমণ কৰে৷ যুৱকজনৰ আক্রমণত বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া অর্জুন সিং গুৰুতৰভাৱে আহত হয়৷ হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিব লগা হয় যদিও গুলী গৈ ৰমজান আলী নামৰ এজনবয়োজ্যেষ্ঠ লোকৰ গাত লাগে৷ ফলত ৰমজান আলীও আহত হয়৷
অৱশ্যে ইয়াৰ পিছতে স্থানীয় শ শ লোকে খেদি খেদি হত্যাকাৰী জামাল উদ্দিনক কৰায়ত্ত কৰে৷ ঘটনাস্থলীতে দাৰে নিজৰ ডিঙিত ৰেপি আত্মহত্যাৰ চেষ্টা কৰে হত্যাকাৰী নুৰজামাল ওৰফে জামাল উদ্দিনে৷ আহতসকলক চিকিৎসালয়লৈ অনাৰ পিছত হত্যাকাৰীৰ মাহীমাক তছলিমা বেগমৰ (৪০) চিকিৎসালয়তে মৃত্যু হয়৷ আৰক্ষীৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷ বাতৰি যুগুত কৰাৰ সময়লৈকে কাজিয়াৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই৷