নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিবাচক : বংশৰৰ ভৃংগেশ্বৰ হাইস্কুলত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীৰ দীঘলীয়া শাৰী

বিশেষ বাৰ্তা, ২৯ মাৰ্চ : ক্ৰমাগতভাৱে ব্যক্তিগত শিক্ষানুষ্ঠানৰ প্ৰতি অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ মোহভংগ হবলৈ আৰম্ভ হৈছে৷ ইয়াৰ উদাহৰণ স্বৰূপে বংশৰৰ চৰকাৰী প্ৰাদেশীকৃত শিক্ষানুষ্ঠান ভৃঙ্গেশ্বৰ হাইস্কুলত নামভৰ্তিকৰণৰ বাবে দীঘলীয়া শাৰীয়ে এক ইংগিত প্ৰদান কৰিছে ৷ বিদ্যালয় কৰ্তৃপক্ষই ২০২৩-২৪ বৰ্ষৰ নামভৰ্ত্তিৰ বাবে আজি জ্ঞান-অন্বেষণ পৰীক্ষা অনুষ্ঠিত কৰাত পৰীক্ষাত অবতীৰ্ণ হোবাৰ বাবে পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ত দীঘলীয়া  শাৰী পাতিব লগা হয়। চৰকাৰী মাধ্যমৰ বিদ্যালয়খনত নামভৰ্ত্তিৰ বাবে আগ্ৰহী ছাত্ৰ- ছাত্ৰীৰ লগতে অভিভাৱকৰ সীমাহীন ভিৰ হোৱা পৰিলক্ষিত হয়। এইবেলি ষষ্ঠ শ্ৰেণীত সৰ্বাধিক ১১০গৰাকী আৰু নৱম শ্ৰেণীত ১২২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নতুন বৰ্ষত নামভৰ্ওিকৰণ (জ্ঞান-অন্বেষণ) পৰীক্ষাত অৱতীৰ্ণ হৈছে। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা বৰ্তমান প্ৰধান শিক্ষক ভগৱান বৈশ্যই ব্যক্ত কৰে যে বিদ্যালয়খনত সম্প্ৰতি পৰ্যাপ্ত পৰিমানে শিক্ষক-শিক্ষয়িত্ৰী আৰু শ্ৰেণীকোঠাৰ অভাৱ ৷ ইফালে প্ৰায় ২১৩ জন ছাত্ৰ-ছাত্ৰীয়ে উক্ত পৰীক্ষাত অবতীৰ্ণ হৈছে যদিও শ্ৰেণীকোঠা আৰু শিক্ষক-শিক্ষয়িত্ৰী অনুপাতে ষষ্ঠ শ্ৰেণীত ৫০জন আৰু নৱম শ্ৰেণীত মাত্ৰ ৯০জন ছাত্ৰ- ছাত্ৰীয়েহে নামভৰ্তিকৰণৰ সুবিধা পাব। অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ এই বিদ্যালয়ত অধ্যয়ন কৰাৰ আগ্ৰহ থাকিলেও শ্ৰেণীকোঠা, ডেস্ক-বেঞ্চ আৰু শিক্ষক-শিক্ষয়িএীৰ অভাৱৰ বাবে আসন দিবলৈ অসমৰ্থ হোৱাত বিদ্যালয় কৰ্তৃপক্ষ বাৰুকৈয়ে দু:খিত বুলি তেওঁ দোহাৰে। অনাগত দিনত শিক্ষক-শিক্ষয়িত্ৰী আৰু পৰ্যাপ্ত শ্ৰেণীকোঠা বা প্ৰয়োজনীয় আন্ত:গাঁথনি উন্নতমানৰ হ’লে পূৰ্বতকৈ আসনৰ সংখ্যা বৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰা হ’ব তেওঁ কয়। এই সন্দৰ্ভত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বংশৰ অঞ্চলৰ ৰাইজে শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি দিয়াৰ বাবে আহ্বান জনায় ।
প্ৰেৰক দিলীপ মেধি
You might also like