নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰছলাৰ ৩৬ কৃষকক এশ বিঘা মাটিৰ ম্যাদী পট্টাঃ চৰকাৰক কৃতজ্ঞতা যুৱ-ছাত্ৰ পৰিষদৰ

বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ বৰছলা সমষ্টিৰ মধ্য বৰছলা ভূমি সুৰক্ষা আৰু কৃষক উন্নয়ন সমিতিৰ দীৰ্ঘ দিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে কালি পদ্মবিল ৰাজহুৱা ৰঙ্গমঞ্চত অনুষ্ঠিত এক ৰাজহুৱা সভাত ৩৬ গৰাকী কৃষকক প্ৰায় এশ বিঘা মাটিৰ ম্যাদি পট্টা প্ৰদান কৰে। মধ্য বৰছলা ভূমি সুৰক্ষা আৰু কৃষক উন্নয়ন সমিতিৰ উদ্যোগত পদ্মবিল গাঁৱৰ ৰাজহুৱা ৰংগমঞ্চত ২২ ছেপ্টেম্বৰত মধ্য বৰছলা ভূমি সুৰক্ষা আৰু কৃষক উন্নয়ন সমিতিৰ সভাপতি কাৰ্তিক নায়কৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত চৰকাৰৰ হৈ স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুৰ লগতে ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়া তন্ময় বৰাই ৩৬ গৰাকী কৃষকক প্ৰায় এশ বিঘা মাটিৰ ম্যাদি পট্টা প্ৰদান কৰাত স্থানীয় কৃষকসকল উৎফুল্লিত হৈ পৰে ৷কৃষকসকলক প্ৰায় এশ বিঘা মাটিৰ ম্যাদি পট্টা প্ৰদান কৰাত ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা বৰছলা সমষ্টিৰ মধ্য বৰছলা ভূমি সুৰক্ষা আৰু কৃষক উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ৰাণাপ্ৰতাপ বৰুৱাই সংবাদমাধ্যমত জনায় যে, মধ্য বৰছলা ভূমি সুৰক্ষা আৰু কৃষক উন্নয়ন সমিতিয়ে বৃহত্তৰ পদ্মবিল এলেকাৰ থলুৱা কৃষক সকলক ভূমি পট্টা প্ৰদান কৰিবলৈ সুদীৰ্ঘ দিনৰ পৰাই দাবী জনাই আহিছিল৷সংগঠনটোৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়া তন্ময় বৰা আৰু বিধায়ক গণেশ কুমাৰ লিম্বুৱে ৰাইজক মাটিৰ পট্টা আনুষ্ঠানিক ভাৱে প্ৰদান কৰাত ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে থলুৱা কৃষকসকলেও চৰকাৰৰ ইতিবাচক পদক্ষেপক আন্তৰিকতাৰে শলাগ লয় ৷

প্ৰেৰকঃ কল্পজ্যোতি নাথ

You might also like