নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ বন্যহস্তীয়ে ভাগিলে গৃহঃ ওদালগুৰিৰ অসম-ভূটান সীমান্তত ভয়ংকৰ অৱস্থা

নিয়মীয়া বাৰ্তা, ডিমাকুছি, ২৮ এপ্ৰিলঃ ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত অসম-ভূটান সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ নামি অহা বন্যহস্তীৰ আক্ৰমণত বিগত দিনত ৩০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বন্যহস্তীৰো ৰহস্যজনকভাৱে মৃত্যু হৈ আহিছে। যোৱা নিশাও ভূটান সীমান্তৰ ননকে শুক্লা আৰু ঔৰাংগজুলি চাহ বাগিচাত বন্যহস্তীয়ে তাণ্ডব চলাই দুখীয়া পৰিয়ালৰ কেইবাটাও আৱাসগৃহ লণ্ডভণ্ড কৰে। বন্যহস্তীৰ আক্ৰমণত কথমপি ৰক্ষা পৰে কেইবাজনো লোক৷ বন্যহস্তী-মানুহৰ সংঘাত ৰোধত সম্পূৰ্ণ ব্যৰ্থ হৈছে অসম চৰকাৰৰ বিয়াগোম বনবিভাগ।

You might also like