নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণৰ বাবে তিনিচুকীয়াত সজাগতামূলক কাৰ্য্যসূচী সন্দৰ্ভত সভা

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণ আৰু ১০ ডিচেম্বৰ আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উপলক্ষ্যে ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে এলানি বিশেষ সজাগতামূলক কাৰ্য্যসূচী হাতত লোৱা হব। আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত নৰসিং পৱাৰৰ সভাপতিত্বত মহিলাৰ প্ৰতি হোৱা অহিংসা নিৰ্মূলৰ বাবে তথা মহিলা সুৰক্ষাৰ বাবে থকা আইনী প্ৰৱিধানসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আগন্তক ১৬ টা দিনত কেনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হব সেই সন্দৰ্ভত বিতংভাবে আলোচনা কৰা হয়। অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হকে আঁত ধৰা এই সভাত মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী, সহকাৰী আয়ুক্ত ও ভাৰপ্ৰাপ্ত জিলা সমাজকল্যাণ বিষয়া নিলাক্ষী ভূঞা, সহকাৰী আয়ুক্ত অপৰূপা বৰগোহাঁই, জিলা স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডাঃ গৌৰী শংকৰ গগৈ, শ্ৰম পৰিদৰ্শক দৰথী দাস, জিলা শিশু সুৰক্ষা বিষয়া ৰিজৱানা হাজৰিকা প্ৰমুখ্যে মাৰ্ঘেৰিটা মহাবিদ্যালয়, ডুুমডুমা মহাবিদ্যালয় আৰু বীৰ ৰাঘৱ মৰাণ আদৰ্শ মহাবিদ্যালয়ৰ মহিলা কোষৰ বিষয়া, WSAF (Women’s Safety Accelerator Fund)ৰ প্ৰতিনিধি তথা চাইল্ড লাইন আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়া প্ৰতিনিধি উপস্থিত থাকে। জিলা উপায়ুক্ত নৰসিং পৱাৰে উপস্থিত সংশ্লিষ্ট বিভাগ তথা অনুষ্ঠান প্ৰতিষ্ঠানক মহিলাৰ সুৰক্ষা তথা মহিলাৰ প্ৰতি হৈ থকা হিংসাত্মক কাৰ্যকলাপ ৰোধ কৰিবৰ ব্যাপক সজাগতামূলক কাৰ্য্যসূচী হাতত লবলৈ আহ্বান জনায়। উপায়ুক্তগৰাকীয়ে বিশেষভাবে চাহ বাগিচা এলেকাত আৰু গ্ৰামাঞ্চলত লগতে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত মহিলাৰ প্ৰতি হৈ থকা হিংসা দূৰীকৰণ বাবে সজাগতা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

প্ৰেৰক বিবেক বড়া

You might also like