নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ভবেশ কলিতাৰ বিধায়ক দৰবাৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰ: ৰঙিয়াত ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতাৰ ব্যতিক্ৰমী পদক্ষেপ। বিধায়ক ভবেশ কলিতাই সমষ্টিবাসীৰ মাজত আৰম্ভ কৰিছে বিধায়কৰ দৰবাৰ। শুকুৰবাৰে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বৈদ্যগড় গাঁও পঞ্চায়তত ৰঙিয়া ব্লক মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা বিধায়কৰ দৰবাৰ কাৰ্য্যসূচীত বিধায়ক ভৱেশ কলিতাই ৰাইজৰ সৈতে মত বিনিময় কৰে। ৰঙিয়া সমষ্টিৰ প্ৰতিখন পঞ্চায়তৰ উন্নয়নৰ গতি আৰু অধিক তীব্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে এক পষেক জোৰা কাৰ্যসূচীৰে বিধায়কে এই কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানটোত বিধায়ক ভৱেশ কলিতাই চৰকাৰখনে ৰাইজৰ বাবে লোৱা কেইবাখনো জনকল্যাণ মূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। বিশেষকৈ মিছন বসুন্ধৰা, অৰুনোদয় আঁচনি , প্রধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ), আয়ুষ্মান ভাৰত আঁচনি , প্রধানমন্ত্ৰী ফচল বীমা যোজনা, ৰেচন কাৰ্ড আদি বিভিন্ন আঁচনিৰ বিষয় সন্দৰ্ভত ৰাইজক অৱগত কৰে। এই কল্যাণমূলক আঁচনি সমূহ পৰা কোনো এজন প্ৰকৃত হিতাধিকাৰীয়ে যাতে বঞ্চিত নহয়,তাৰ বাবে বিধায়ক দৰবাৰ কাৰ্যসূচীৰে ৰাইজৰ মাজত সজাগতাৰ প্ৰয়াস কৰে। প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰি সঠিক ভাৱে প্ৰকৃত হিতাধিকাৰী চিনাক্তকৰণ কৰি তালিকা প্ৰস্তুত কৰাৰ প্ৰয়াসেৰে এই দৰবাৰৰ আয়োজন কৰে। তাৰোপৰি আগন্তক দিনবোৰত পঞ্চায়তবাসী ৰাইজক উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ লক্ষ্যৰে আধৰুৱা উন্নয়ন মূলক কাম কাজ সমূহ নতুন বর্ষৰ প্ৰথম ভাগতে আৰম্ভ হব বুলি ৰাইজক অৱগত কৰে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like