নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিন ৰোগত আক্ৰান্ত হৈ ঢকুৱাখনাত চোমনিতে মৰিছে মুগা

নিয়মীয়া বাৰ্তা, ২৩ মে : ঢকুৱাখনাৰ মুগা পালকৰ মাজত হাহাকাৰ।অচিন ৰোগত আক্ৰান্ত হৈ চোমনিতে মৰিছে হাজাৰ হাজাৰ জেঠুৱা মুগা।মুগাকেই প্ৰধান খেতি হিচাপে লৈ জীৱন নিৰ্বাহ কৰি অহা ঢকুৱাখনাৰ শ-শ মুগা পালকৰ জীৱনলৈ নামি আহিছে এতিয়া কাল অমানিশা।বিয়াগোম ৰেচম বিভাগৰ পৰা কোনো সঁহাৰি নাপায় মূৰে-কপালে হাত দিছে এতিয়া ঢকুৱাখনাৰ দুৰ্ভগীয়া মুগাৰ খেতিয়কে।বিশ্বত অসমক এক সুকীয়া স্থান দিছে অসমৰ মুগা শিল্পই।অসমীয়াৰ স্বাভিমান স্বৰূপ এই প্ৰাচীন আপুৰুগীয়া মুগা খেতিৰ ক্ষেত্ৰত এক সুকীয়া বৈচিত্ৰ আছে ঢকুৱাখনাৰ।সোণালী সূতাৰ দেশ খ্যাত ঢকুৱাখনাৰ শ-শ মুগা পালকে অতীজৰ পৰাই পৰম্পৰাগতভাৱে মুগা পালনেৰে জীৱন-জীৱিকাৰ পথ মোকোলাই অহাৰ সমান্তৰালকৈ ৰাজ্যৰ ৰেচম শিল্পৰ ভেটিও টনকিয়াল কৰি আহিছে।কিন্তু এতিয়া কাল অমানিশা নামি আহিছে ঢকুৱাখনাৰ শ শ মুগা পালকৰ জীৱনলৈ।কাৰণ চকুৰ সন্মুখতেই ধ্বংস হৈছে হাজাৰ হাজাৰ জেঠুৱা মুগা।ঢকুৱাখনাৰ বিভিন্ন অঞ্চলৰ মুগা পালকসকলৰ হাজাৰ-হাজাৰ পৈণত মুগা পলু ৰহস্যজনক কাৰণত অকাল মৃত্যুৰ ঘটনাই হাহাকাৰ লগাইছে মুগা পালকৰ মাজত।উল্লেখ্য যে
বহু সমস্যা আৰু প্ৰত্যাহ্বান নেওচি বছৰৰ ৮টা মাহেই মুগা পালনত ব্যস্ত থকা ঢকুৱাখনাৰ এইসকল মুগা পালকে গাঁঠিৰ ধন ভাঙি বহু আশাৰে কৰিছিল জেঠুৱা মুগাৰ খেতি।কিন্তু পকিবলৈ আৰম্ভ কৰাৰ সময়তেই অচিন ৰোগত আক্ৰান্ত হৈ অপমৃত্যুক সাৱটি লৈছে এইসমূহ মুগা।চুম গছৰ ডালতে ওলমি ৰৈছে মৃত মুগা বোৰ।।মুগা পালনেৰে অৰ্থ উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়া এইসকল লোকে এতিয়া হতাশাত মূৰে- কপালে হাত দিছে। ঢকুৱাখনাৰ ৰেচম চক্ৰৰ অন্তৰ্গত কমাৰ গাঁৱৰ একাংশ দুৰ্ভগীয়া মুগা পালকে ‘নিয়মীয়া বাৰ্তা’ ক জনোৱা মতে সুঠাম মুগাবোৰ স্বাভাৱিকভাবেই পাত খাই ,চলা ফিৰা কৰি থাকে যদিও পকিবলৈ লোৱাৰ সময়তেই চোম গছ সমূহত এইবোৰ মুগাৰ অৱস্থিতি নোহোৱা হৈ পৰে।দূৰ দূৰণিৰ পৰা প্ৰতি হাজাৰ কঠিয়া মুগা ৬-৭হাজাৰ টকা দৰত ক্ৰয় কৰি আনি জেঠুৱা মুগা পালনত ব্ৰতী হোৱা বহু ৰেচম পালকে আজি পৰ্যন্ত ১ হাজাৰ মুগাও লাভ কৰিবলৈ সক্ষম নোহোৱা বুলি দুখেৰে জনাই।প্ৰতি বছৰেই মুগা খেতি কৰি লাভৱান হোৱা এইসকল মুগা পালকৰ চোমনিত মুগা পলু অচিন ৰোগৰ বলি হৈ সৰ্বশ্ৰান্ত হোৱাত বৰ্তমান চৰম হতাশগ্ৰস্ত হৈ পৰিছে।বছৰ বছৰ ধৰি ঢকুৱাখনাৰ দহ সহস্ৰাধিক পৰিয়ালে মুগাকেই প্ৰধান খেতি হিচাপে লৈ জীৱন নিৰ্বাহ কৰি আহিছিল যদিও মুগা চোমণিত হঠাতে দেখা দিয়া অচিন ৰোগক লৈ বৰ্তমান মুগা পালকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ।এইক্ষেত্ৰত বিয়াগোম ৰেচম বিভাগে কোনো সঁহাৰি নিদিয়াত মূৰে-কপালে হাত দিছে ঢকুৱাখনাৰ এইসকল দুৰ্ভগীয়া মুগা পালকে। ক্ষতিগ্ৰস্ত মুগা পালকসকলে অচিৰে ইয়াৰ উচিত ক্ষতিপূৰণ দাবী কৰিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like