নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংগালুৰুত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰ : নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ প্ৰাঞ্জল দেউৰীৰ নামৰ এজন যুৱকৰ  ৰহস্যজনকভাবে বেংগালুৰুত যোৱা নিশা মৃত্যু ঘটে ৷বেংগালুৰুৰ ভাড়াঘৰত শুই থকা অৱস্থাত প্ৰাঞ্জল দেউৰীৰ মৃতদেহ পুৱা উদ্ধাৰ হয় ৷ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ মাজৰ চুবুৰীৰ প্ৰাঞ্জল দেউৰী বিগত তিনি বছৰ ধৰি বেংগলুৰুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছিল৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম প্ৰাঞ্জল দেউৰীৰ অকাল মৃত্যুত পত্নী, ডেৰ বছৰীয়া পুত্ৰ আৰু মাতৃ সহিত তিনিজনীয়া পৰিয়ালটো এতিয়া দিশহাৰা হৈ পৰিছে৷ প্ৰাঞ্জল দেউৰীৰ মৃতদেহ বেংগালুৰুৰ পৰা নিজ গৃহলৈ অনাৰ বাবে আৰ্থিকভাৱে পিছপৰা পৰিয়ালটোৱে ৰাজ্য চৰকাৰৰ প্ৰতি কাতৰ আহ্বান জনাইছে ৷ সাতাইশ বছৰীয়া যুৱকজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷
প্ৰেৰক সমীন শইকীয়া
You might also like