নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিচৈ ভেলীত অসমৰ বনভোজথলীৰ শতাধিক গছ কাটিলে নগাই

বিশেষ বাৰ্তা, ২ জানুৱাৰীঃ অসমৰ বনভোজথলীলৈত চকু দিছে নগাই। মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয় আৰু নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ কাষৰে নগাজাংকা চাহ বাগিচাৰ দাঁ‌তিতে থকা এডোখৰ বনভোজথলীত থকা প্ৰায় এশ জোপাৰো অধিক বিভিন্ন গছ আজি পুৱা একাংশ নগা লোকে কাটি তহিলং কৰে। মৰিয়নিৰ ৬১ নং কাটনি গাঁও পঞ্চায়তৰ অধীনৰ উদয়পুৰৰ উখনাঘাট নামেৰে জনাজাত আৰু বগৰি তল বা বগৰি চাপৰি নামেৰেও পৰিচিত ঠাইডোখৰ বিগত বহু বছৰ ধৰি এক বনভোজথলী হিচাপে পৰিগনিত হৈ আহিছে। এই ঠাইডোখৰ ভোগদৈ নৈৰ দাঁ‌তিত অৱস্থিত। সুন্দৰ প্ৰাকৃতিক পৰিবেশেৰে পৰিপূৰ্ণ এই ঠাইডোখৰ শেহতীয়াকৈ কাটনি গাওঁ পঞ্চায়তে চাফ চিকুণ কৰি পূৰ্ণাংগ বনভোজথলী হিচাপে গঢ় দিয়াৰ পৰিকল্পনা হাতত লৈছিল। গাঁও পঞ্চায়তখনৰ সভাপতি অপূৰ্ব শইকীয়াই নেতৃত্বত উক্ত ঠাইডোখৰ বনভোজথলী হিচাপে গঢ়ি তোলা হৈছিল । কালি নতুন বছৰৰ প্ৰথম দিনটোত সেই ঠাইত অগণন লোকৰ সমাগম হৈছিল। ৰাইজৰ সুবিধাৰ বাবে তাত উখনাঘাট বনভোজথলী বুলি বেনাৰো আঁ‌ৰিছিল। কিন্তু আজি নিচেই পুৱা একাংশ নগা লোক আহি তাত থকা প্ৰায় এশ জোপাৰো অধিক বিভিন্ন গছ কাটি থৈ যায়। আনকি বেনাৰখনোনলৈ যায় দলটোৱে। আজি পুৱা স্থানীয় লোকে গছসমূহ কাটি থোৱা অৱস্থাত দেখা পোৱাৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে। লক্ষণীয় যে, ঘটনাস্থলীৰ পৰা কিছু আঁ‌তৰত আও চংখাম নামৰ নগা বস্তিখন অৱস্থিত। এই দুষ্কাৰ্য্য উক্ত নগা বস্তিখনৰ পৰা অহা ২০-২৫ জনীয়া লোকৰ এটা দলে সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে । সুদীৰ্ঘদিন ধৰি এই ঠাইডোখৰ অসমৰ ভূমিত অৱস্থিত বুলি জনা যায় যদিও বিগত কিছুবছৰৰ পৰা এই ঠাইডোখৰ নগালেণ্ডে নিজৰ ভূমিত অৱস্থিত বুলিহে দাবী কৰি আহিছে। আনকি বিভিন্ন সময়ত বন বিভাগৰ লোককো ভাবুকি প্ৰদান কৰিছিল একাংশ নগা দুৰ্বত্তই। কৰিবলগীয়া যে, যোৱা বছৰো এই ঠাই বনভোজৰ বাবে সাজু কৰাৰ সময়ত উক্ত নগা বস্তিখনৰ লোকে উদয়পুৰৰ লোকক ফোনযোগে ভাবুকি প্ৰদান কৰিছিল। উক্ত ঠাইডোখৰ নগালেণ্ডৰ অধীনৰ বুলি দাবী জনাই তাত কোনোধৰৰণৰ কামকাজ নকৰিবৰ বাবে সকিয়াই দিছি। তাৰোপৰি গাওঁ পঞ্চায়তখনে স্থাপন কৰা এখন ফলকো নগালোকে ভাঙি থৈ গৈছিল তেতিয়া। অৱশ্যে পিছত পৰিস্থিতি স্বাভাৱিক হৈ পৰিছিল যদিও আজিৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাজাংকা চাহ বাগিচাৰ কাষতে অৱস্থিত উদয়পুৰ নগালেণ্ডৰ প্ৰায় সমীপৱৰ্তী অঞ্চল হোৱাত স্বাভাৱিকতে অঞ্চলটোৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছত সীমান্ত দায়িত্বত থকা দণ্ডাধীশ ডাঃ বিশ্বজিত বৰা, তিতাবৰ মহকুমাৰ কাৰ্য্যবাহী দণ্ডাধীশ ৰাজা বৈশ্য, মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতা, নিউ সোনোৱালৰ খণ্ড বন বিষয়া ভাস্কৰ বৰগোঁ‌হাই, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ আদি প্ৰশাসন, আৰক্ষী আৰু বন বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পিছত এই ক্ষেত্ৰত প্ৰশাসন আৰু আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিতান্তই লক্ষণীয় হ’ব। এই ঘটনাই সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like