নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালৰ ডিকমত সুৰামত্ত দমকল মিস্ত্ৰীৰ মাৰপিটত এজনৰ মৃত্যু 

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ডিকম আৰক্ষী চকীৰ অৰ্ন্তগত নাহৰ চুক গাঁৱৰ বাসিন্দা ৰুবুল সন্দিকৈ নামৰ লোকজনৰ ঘৰত তিনি মিস্ত্ৰীয়ে দমকল বহুৱাই থকা অৱস্থাত সুৰাপান কৰি সামান্য কথাতে মাৰপিটত লিপ্ত হৈছিল। মাৰপিটৰ ঘটনাত ডিকমৰ ইনো কৰ্মকাৰ নামৰ দমকল মিস্ত্ৰীজনে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ ঘৰলৈ অহাৰ পিছতে পূৰ্বৰে পৰা ৰোগত আক্ৰান্ত হৈ থকা দমকল মিস্ত্ৰীজন একেবাৰে অসুস্থ হৈ পৰাত শনিবাৰে পৰিয়ালৰ লোকে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছিল যদিও চিকিৎসাধীন অৱস্থাত লোকজনৰ মৃত্যু ঘটে। এই সন্দৰ্ভত পৰিয়ালৰ লোকে ডিকম আৰক্ষী চকীত প্ৰদান কৰা এজাহাৰৰ ভিত্তিত ঘটনাৰে জড়িত ডিকমৰ দীপক তাঁতি নামৰ লোকজনক আজি পুৱা ডিকম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰক্ষী চকীলৈ আনে। অভিযুক্ত দীপক তাঁতিয়ে সংবাদমাধ্যমৰ আগত মাৰপিটত লিপ্ত হোৱাৰ কথা অস্বীকাৰ কৰি ইনো কৰ্মকাৰ নামৰ লোকজনক চুমু মুড়া নামৰ আন এজন মিস্ত্ৰীয়েহে মাৰপিট কৰা বুলি দাবী কৰে যদিও আৰক্ষীয়ে দীপক তাঁতিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২নং ধাৰাৰ অধীনত একোটাকৈ গোচৰ ৰুজু কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like