নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্ৰী সঞ্জয় কিষাণৰ বিহুগীত : তিনিচুকীয়াত আমাৰ ৰঙালী বিহু শীৰ্ষক অনুষ্ঠান

বিশেষ বাৰ্তা, ২২ এপ্ৰিল : মন্ত্ৰী সঞ্জয় কিষানৰ বিহুগীতত তিনিচুকীয়াত কঁকাল ঘূৰাই নাছিলে মাৰোৱাৰী, ভোজপুৰী, বেংগলী সম্প্ৰদায়ৰ নাচনীয়ে৷ আচলতে বিভিন্ন ৰাজ্যৰ পৰা আহি অসমত বসবাস কৰা বিভিন্ন জাতি,জনগোষ্ঠী, সম্প্ৰদায়ৰ তিনিচুকীয়াত বাস কৰা লোকসকলে একত্ৰিত হৈ প্ৰথমবাৰৰ বাবে তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত শনিবাৰে এদিনীয়াকৈ অসমৰ আয়ুস ৰেখা বহা’গ বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰে “আমাৰ ৰঙালী বিহু” শীৰ্ষক এক অনুষ্ঠানৰ। উক্ত অনুষ্ঠানতেই এগৰাকী বিশেষ অতিথি হিচাপে উপস্থিত হয় শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে ৷ উদ্যোক্তামণ্ডলৰ অনুৰোধ ৰক্ষা কৰি শ্ৰম মন্ত্ৰীগৰাকীয়ে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ পাছতে বাদ্যযন্ত্ৰকাৰীসকলৰ সহযোগিতাত অতি সুন্দৰকৈ এটি বিহুগীত পৰিবেশন কৰি সকলোকে বিহুৰ আনন্দ উপভোগ কৰায়। আজিৰ অনুষ্ঠানৰ প্ৰথম কায্যসূচী হিচাপে তিনিচুকীয়া সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি ৰামজীৱন সুৰেখাই বিহুৰ পতাকা উত্তোলন কৰে। স্মৃতি তৰ্পন কৰে আমাৰ ৰঙালী বিহু আয়োজক সমিতিৰ সভাপতি বিনোদ ঘোৰাৱতে। পৰৱৰ্তী সময়ত ৰাজ্যিক কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক সঞ্জয় কিষাণ, তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পাল, অতিৰিক্ত জিলা উপায়ুক্ত মঞ্জিত বৰকাকটি, তিনিচুকীয়া আৰু চাবুৱাৰ প্ৰাক্তন বিধায়ক ক্ৰমে ৰাজেন্দ্ৰ প্ৰসাদ সিং, ৰাজু চাহু, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, তিনিচুকীয়া জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মীৰা সিং, তিনিচুকীয়া উকীল সন্থাৰ সম্পাদক বিশ্বজিৎ প্ৰসাদ, মটক স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাই, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নৱ মৰাণ, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁই, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, অসম ভোজপুৰী সাহিত্য সভাৰ সভাপতি উদয় নাৰায়ণ উপাধ্যায়, সমাজকৰ্মী সঞ্জয় সিংৰ উপৰিও মাৰোৱাৰী যুৱ মঞ্চৰ বিষয়ববীয়া আৰু প্ৰগতি শাখা তিনিচুকীয়া, অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি অজয় ​​সিং মুন্না, হিন্দীভাষী মহিলা মঞ্চৰ সভানেত্ৰী হীৰা দেৱী আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধি আৰু প্ৰতিজন ভাষাভাষী সমাজৰ লোক উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানত সমীৰণ বসু, নাৰায়ণ শৰ্মা, হাজী মহম্মদ মকবুল, চৰ্দাৰ কুন্দন সিং, লক্ষ্মণ প্ৰসাদ, বাৰেকুৰিৰ জলিন চেতিয়া, দীনেশ সাহা আৰু মহম্মদ ছাবিৰক নিজা নিজা বিশেষ সফলতাৰ কাৰণে সম্বৰ্ধনা পত্ৰৰে এক বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷ তাৰ পাছতে আমন্ত্ৰিত শিল্পীৰদ্বাৰা এক সংগীতানুষ্ঠানৰ আয়োজন কৰে আৰু সংগীতানুষ্ঠানত  মাৰোৱাৰী, ভোজপুৰী, বাংলা, নেপালী সমাজৰ মহিলাসকলে পৰম্পৰাগতভাৱে বিহু নৃত্য প্ৰদৰ্শন কৰে ৷ এই বিহুৰ অনুষ্ঠানটো আয়োজন কৰাৰ প্ৰচেষ্টা এক সাৰ্থক প্ৰচেষ্টা যিয়ে এখন বৃহত্তৰ অসমীয়া সমাজ গঠন প্ৰক্ৰিয়াক আৰু অধিক শক্তিশালী কৰিব। ব্যৱধান দূৰ কৰিবলৈ কাম কৰিব বুলি উল্লেখ কৰে তিনিচুকীয়া সাংস্কৃতিক ঐক্য মঞ্চই । অনুষ্ঠানত সংগীতা বৰুৱা আৰু অতিৰিক্ত জিলা উপায়ুক্ত মঞ্জিত বৰকাকটিয়েও গীত পৰিবেশন কৰে। কাৰ্য্যসূচী সফল কৰি তোলাত ৰামজীৱন সুৰেশাৰ নেতৃত্বত মহাবীৰ শৰ্মা, হীৰালাল শৰ্মা, স্বপন মজুমদাৰ, সুপ্ৰিয়া দে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আয়োজক সমিতিৰ সম্পাদক ৰোশন ভৰদ্বাজে অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

প্ৰেৰক বিবেক বড়া

You might also like