নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী” : মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিদ্বেষমূলক তথা সাম্প্ৰদায়িক মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। “বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী। কাৰণ তেওঁ যিধৰণৰ বক্তব্য দিছে, তাৰ পৰা এটা কথা স্পষ্ট যে, তেওঁ ৰাজনৈতি সন্ত্ৰাস চলাব বিচাৰে” – মন্ত্ৰী বৰুৱাই এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমলৰ বক্তব্যক ধিক্কাৰ দি কয় যে তেওঁ এজন সাংসদ হিচাপে অসমৰ লগতে সমগ্ৰ ভাৰতৰ সভ্যতা-সংস্কৃতি আৰু নাৰী জাতি সম্পৰ্কে যিধৰণৰ মন্তব্য আগবঢ়ালে; সেয়া অতিকৈ লজ্জাজনক। মন্ত্ৰীগৰাকীয়ে কয় যে “অসমীয়া জাতি সজাগ হ’ব লাগিব। আমি আজমলক বাংলাদেশী মূলৰ মিঞাবিলাকৰ মহানায়ক হোৱাত বাধা দিব লাগিব”। তেওঁ কয় যে আজমলে ভাৰতবৰ্ষৰ সংস্কৃতিক কুঠাৰাঘাত কৰিছে। সনাতনী সভ্যতা-সংস্কৃতিৰ ওপৰত ইমান বিৰূপ মন্তব্য আগবঢ়াইছে যে অসমীয়া জাতিটোক আঘাত কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে “অতি দুখজনক বিষয়টো হ’ল যে অসমৰ পৰা বাংলাদেশীমূলৰ মানুহৰ দ্বাৰা হোৱা জনবিস্ফোৰণৰ বাবেই আজমলৰ নিচিনা মানুহক অসমৰ সাংসদ হিচাপে পাইছোঁ।”

You might also like