নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য কঁপোৱা ৰেগিং : চাৰি ছাত্রৰ প্ৰৱেশ নিষিদ্ধ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ নাহৰৰ দেশত এতিয়া ক্ষোভৰ অগণি! ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিং কৰাক লৈ চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ চাৰিজন ছাত্রক বিশ্ববিদ্যালয়ত প্ৰৱেশত নিষিদ্ধ ঘোষণা কৰিছে। কেৱল সিমানেই নহয় বিশ্ববিদ্যালয়খনত প্ৰবেশ নিষিদ্ধ কৰা লগতে বিশ্ববিদ্যালয়ৰ সমীপতো কোনো আশ্ৰয় লব নোৱাৰিব বুলিও কৰ্তৃপক্ষই জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেফ.নং. ডি ইউ/এছ ডব্লিউ এছ/এইচ…ৰেগিং/২০০৮(পাৰ্ট)/১১০৯৩, তাৰিখ ২৮.১১.২০২২ তাৰিখে নিম্নোক্ত ছাত্ৰ-ছাত্ৰীসকলক বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে দণ্ডাধীশ পৰ্যায় আৰু প্ৰতিষ্ঠানিক পৰ্যায়ৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ শ্ৰেণীত অংশগ্ৰহণ আৰু শৈক্ষিক বিশেষাধিকাৰৰ পৰা নিলম্বন কৰাৰ বাবে কঠোৰ নিৰ্দেশ গৃহীত কৰা হৈছে। নিষেধাজ্ঞা আৰোপ কৰা হৈছে ছাত্ৰসকল ক্ৰমে

১) প্ৰযোজ্য ভূতত্ত্ব বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ দিব্যজ্যোতি গগৈ (জিলা ধেমাজিৰ গোগামুখৰ চাউলধোৱা বালিগাঁৱৰ বাসিন্দা)

২) ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ তথা ডিব্ৰুগড়ৰ জেৰাই গাঁও নিবাসী সুব্ৰজিৎ বৰুৱা

৩) শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ তথা চৰাইদেউ জিলাৰ কাকটিবাৰী গাঁৱৰ বাসিন্দা নিৰঞ্জন ঠাকুৰ

৪) বুৰঞ্জী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ তথা লখিমপুৰ জিলাৰ উজনি জালভাৰী গাঁৱৰ বাসিন্দা কল্যাণ দত্ত।

এই নিষেধাজ্ঞা আৰোপ কৰা ছাত্ৰসকলে দি আদেশ অমান্য কৰে, তেনেহ’লে আইন অনুসৰি কঠোৰতম শাস্তি বিহা হব বুলিও নিৰ্দেশনাত কোৱা হৈছে। আনহাতে অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাৰ চিকিৎসা অৱস্থাৰ বুজ লয়গৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ত গৈ আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লৈ প্ৰয়োজনত সু- চিকিৎসা বাবে বাহিৰলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈ তদন্ত শেষত সকলো দুখী ছাত্ৰই কঠোৰ শাস্তি পাব বুলিও মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনো চিকিৎসালয়ত উপস্থিত হৈ ছাত্ৰ গৰাকীৰ স্বাস্থ্যৰ বুজ লয়। আনন্দ শৰ্মা চিকিৎসাধীন হৈ থকা চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক ডাঃ নিৰ্মল চাহেৱালাই সাংবাদিকৰ আগত কয়- ৰেগিঙৰ বলি হৈ অতি গুৰুতৰভাবে আহত হোৱা আনন্দ শৰ্মা নামৰ ছাত্ৰজনৰ স্বাস্থ্য বৰ্তমানে সুস্থিৰ, যদিও অনতিপলমে অস্ত্ৰোপচাৰ নকৰিলে বহু জটিল সমস্যাৰ স্বৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰজনৰ ৰাজহাড় দুটা স্থানত ভাগি যোৱাৰ লগতে ভগা হাড়ৰ গুৰি মাংসপেশীত সোমাই পৰিছে। ই এক চিন্তনীয় বিষয়। সেয়ে পলম কৰাতো মুঠেই ভাল নহব।আমি এতিয়ালৈকে প্ৰায় ১ লাখ টকা ছাত্ৰ আনন্দ শৰ্মাৰ চিকিৎসা সেৱাৰ নামত ব্যয় কৰিছো।অস্ত্ৰোপচাৰৰ বাবে অতি কমেও ৭ লাখ টকাৰ প্ৰয়োজন হব। এনে ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ বা ৰাজ্য চৰকাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰিলেও কিন্তু কোনো এটা পক্ষৰ পৰা আমি এতিয়ালৈ কোনো আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই। এতিয়ালৈ যি খৰচ কৰা হৈছে, সেয়া সকলো চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ পৰা নিজাববীয়াকৈ ব্যয় কৰা বুলিও ডাঃ চাহেৱালাই সদৰী কৰে। লগতে তেওঁ কয় যে ৰেগিং এক সামাজিক ব্যাধি। এই ব্যাধি আমি মানুহৰ মগজুৰ পৰা আঁতৰ কৰিব লাগিব।নহলে ইয়াক উৎখাত কৰা বৰ কঠিন হব বুলি উল্লেখ কৰি,কিদৰে যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰাৰ পাছত অসহনীয় ৰেগিঙৰ সন্মুখীন হৈছিল।তাৰ পাছত পলাই আহি অসম মেডিকেল কলেজত নাম ভৰ্তি কৰাৰ কথাও অতি দুখৰে ব্যক্ত কৰে। ছাত্ৰ আনন্দৰ শীঘ্ৰে অস্ত্ৰোপচাৰ নকৰিলে হয়তো ভৱিষ্যতে সম্পূৰ্ণ সুস্থ নোহোৱাৰো আশংকা ব্যক্ত কৰে বিশিষ্ট চিকিৎসক ডাঃ নিৰ্মল চাহেৱালাই।

প্ৰেৰক বিভাস দুৱৰা

You might also like