নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰৰ দেশত ৰেগিং : অচিৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰাক্তন ছাত্ৰসহ অধ্যয়নৰত শিক্ষাৰ্থী

বিশেষ বাৰ্তা, ৬ ডিচেম্বৰঃ অচিৰেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা!যিকোনো মুহূৰ্ততে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে ছাত্ৰ কেইজনক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মুখ্য অভিযুক্ত বুলি বিবেচিত প্ৰাক্তন ছাত্ৰ নেতা ৰাহুল চেত্ৰীক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পাছতে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।কালি ৰাহুল চেত্ৰীক গ্ৰেপ্তাৰ কৰাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে ৰাহুলক দিনে-নিশাই কৰা মাৰাথন জেৰাত উন্মোচিত হৈছে ৰেগিংৰ বহু ন-ন তথ্য।যি তথ্যই আৰক্ষীক হতবাক কৰি বিবুদ্ধিত পেলোৱা বুলিও জানিব পৰা গৈছৈ। তদন্তৰ সন্দৰ্ভত আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাই স্পষ্টকৈ বিশেষ একো সদৰী নকৰিলেও ঘটনাৰ লগত জৰিত কোনো লোককেই ৰেহাই দিয়া নহব বুলি মন্তব্য কৰে। আনহাতেদি কালি লেখাপানী আৰক্ষীয়ে ৰাহুলক ডিব্ৰুগড় আৰক্ষীক চমজাই দিয়াৰ পাছত আদালতত হাজিৰ কৰোৱাই পাঁচ দিনৰ বাবে আৰক্ষী জিম্মাত লয়।তেতিয়াৰে পৰা ডিব্ৰুগড় আৰক্ষী অধীক্ষকে নিজেই ৰাহুল চেত্ৰীক অব্যাহত ৰাখিছে মাৰথান জেৰা।যোৱা নিশা ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাই নিজে বহু নিশা পৰ্যন্ত সদৰ থানাত উপস্থিত হৈ দীঘলীয়া জেৰা কৰাৰ লগতে আজি দিনৰ ভাগত সদৰ থানাত প্ৰায় তিনি ঘণ্টা জেৰা কৰে।জেৰাত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ সৈতে আন বহুতৰ নামো সাঙোৰ খাইছে বুলিও জানিব পৰা গৈছে।আৰক্ষীৰ জেৰাত ধৃত ৰাহুল চেত্ৰীয়ে বৰ্ণনা কৰিছে উক্ত ছাত্ৰবাসৰ দীৰ্ঘকালৰ ভয়াৱহ ৰেগিংৰ অকথিত কাহিনী আৰু ৰেগিংৰ সৈতে জৰিত ছাত্ৰসকল শীঘ্ৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে।ইয়াৰ ফলত কাৰ্যত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিএনজিবি ছাত্ৰবাসৰ একাংশ ছাত্ৰৰ এতিয়া নিদ্ৰা হৰণ হৈছে।গ্ৰেপ্তাৰৰ তথা কেৰিয়াৰ ধ্বংস হোৱাৰ ভয়ত বহু ছাত্ৰই আত্মগোপন কৰাৰ পৰিকল্পনা কৰা বুলিও অভিযোগত প্ৰকাশ। আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৰিমাত কলংক হনা এনে কাৰ্যত ডিব্ৰুগড় জিলা প্ৰশাসনেও চৰকাৰী নিৰ্দেশনাত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল।সেই মৰ্মে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে দায়িত্ব দিয়া অতিৰিক্ত উপায়ুক্ত সংঘমিত্ৰা বৰুৱাও ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈ ৰাহুল চেত্ৰীৰ ভাষ্য গ্ৰহণ কৰে।মুঠৰ ওপৰত ৰাহুল চেত্ৰীক আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰে পৰা অবিৰত আৰক্ষী তথা দণ্ডাধীশৰ জেৰা অব্যাহত আছে। উল্লেখযোগ্য যে ৰেগিং ঘটনাৰ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ সময়ত বিগত দিন কেইটাত বিভিন্ন জনৰ ভাষ্য গ্ৰহণ কৰিছে যদিও ৰেগিং বলি হোৱা আনন্দ শৰ্মা আইচিইউত থকাৰ বাবে তেওঁৰ ভাষ্য এই পৰ্যন্ত গ্ৰহণ কৰিব পৰা নাই।আনহাতেদি আজি সন্ধিয়া আনন্দৰ সোঁহাতৰ এক অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈ যায়।আজি আনন্দ শৰ্মাৰ দ্বিতীয়টো অস্ত্ৰোপচাৰ হয়।হাতৰ প্লাস্তাৰ কৰি ৰাখিছিল যদিও আজি এক্সৰে কৰোতে ধৰা পৰে, আনন্দ শৰ্মাৰ সোঁ-হাতৰ হাড়ৰ ভাগি গুৰি হৈ গৈছিল।জৰুৰী অস্ত্ৰোপচাৰ সম্পন্ন লগে লগে।প্ৰায় ডেৰ ঘণ্টা সময়ৰ পাছত সফলতাৰে হয় অস্ত্ৰোপচাৰ।জানিব পৰামতে আনন্দৰ সোঁহাত আঘাতপ্ৰাপ্ত হৈ হাড় ভাগি গুৰি হৈছিল।যোৱা ১ ডিচেম্বৰৰ দিনা হৈছিল প্ৰথমটো জটিল অস্ত্ৰোপচাৰ।ৰাজহাঁহ কেইবা স্থানতো ভাগি যোৱাত দীঘলীয়া অস্ত্ৰোপচাৰ কৰা হৈছিল।ৰাজহাড়ৰ অস্ত্ৰোপচাৰৰ পিছত আজি কৰা হৈছে সোঁহাতৰ অস্ত্ৰোপচাৰ। আনহাতেদি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ সন্দৰ্ভত ভূক্তভোগী আনন্দ শৰ্মাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এই পৰ্যন্ত ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যদিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এণ্টি ৰেগিং কমিটিৰ বিচাৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ হোৱা নাই বৰ্তমান লৈকে।ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অভিযুক্ত ১৮ জন ছাত্ৰৰ ভিতৰত চাৰি জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও জেলৰ ভিতৰত থকা সকলৰ ভাষ্য গ্ৰহণ কৰিব নোৱাৰাৰ বাবে শুনানি সম্পূৰ্ণ কৰিব পৰা নাই।একেদৰে বিশ্ববিদ্যালয়ৰ আইন বিষয়া দেৱৰাজ শৰ্মা আৰু এণ্টি ৰেগিং কমিটিৰ সদস্য ড° ৰূপম শইকীয়াক জেলৰ ভিতৰত থকা পাঁচ জন ছাত্ৰৰ ভাষ্য গ্ৰহণ কৰাৰ বাবে অনুমতি বিচাৰি ডিব্ৰুগড় ন্যায়িক দণ্ডাধীশ আদালতত আবেদন জনাইছিল যদিও আজি পৰ্যন্ত অনুমতি লাভ নকৰাত এণ্টি ৰেগিং কমিটিৰ শুনানিয়ো সম্পূৰ্ণ হোৱা নাই।জনাই থোৱা ভাল যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এণ্টি ৰেগিং কমিটিয়ে বিশ্ববিদ্যালয়ৰ ১৮ জনকৈ ছাত্ৰৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা হিচাপে হোষ্টেলৰ পৰা বহিস্কাৰ কৰিছিল যদিও শুনানি সম্পূৰ্ণ নোহোৱাৰ বাবে আন শাস্তি মুলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলিও জানিব পৰা গৈছে। ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱৰ্নিবাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ নামো সাঙোৰ খাই পৰাত,বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং কমিটিয়ে নিৰ্দ্ধাৰিত কৰা সাক্ষ্য তথা ভাষ্য প্ৰদানত উপস্থিত থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও সময় বিছাৰি পলমকৈ উজ্জ্বল অংকুৰ বৰাই ভাচুৱেলী ভাষ্য প্ৰদান কৰে।ইফালে ৰাজাভেটা আৰক্ষী চকীত দিনৰ দিনটো উপস্থিত থাকি ভাষ্য প্ৰদান কৰি হঠাৎ অন্তৰ্ধান হৈ পৰাৰো অভিযোগ উঠিছে।এখন উচ্চ শিক্ষাৰ বৌদ্ধিক পীঠস্থানৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব গ্ৰহণ কৰি ছাত্ৰ সমাজক সৱল নেতৃত্ব দিয়াৰ পৰিৰ্ৱত্তে,অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ নকৰা,ৰেগিংৰ বিৰোধীতা নকৰি মৌনতাৰে আনন্দ শৰ্মাৰ তালিবানি কায়দাৰ ৰেগিং উপভোগ কৰি মবাইল কাৰি নিয়াত,সমাজৰ কোনো শ্ৰেণীৰ লোকেই সহজভাৱে গ্ৰহণ কৰা নাই।ইয়াকে লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এতিয়া ব্যাপক চৰ্চা লভিছে।যদিহে সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাই আনন্দ শৰ্মাৰ পৰা মবাইল কাৰি জব্দ নকৰিলে হেতেন,হয়তো তেতিয়া আনন্দ শৰ্মাই আৱদ্ধ হোৱা কোঠাৰ পৰাই সমগ্ৰ ঘটনা বিশ্ববিদ্যালয়ৰ কতৃপক্ষক অৱগত কৰি বিপদমুক্ত হোৱাৰ অৱকাশ নিশ্চয় আছিল।অৱশ্য সেয়া তদন্তৰ সময়তহে পৰিস্ফুট হব বুলিও ছাত্ৰ সমাজে আশা কৰিছে। আনহাতে যোৱা ২৭ নৱেম্বৰ পৰা অকথ্য নিৰ্যাতনৰে ৰেগিংৰ বলিহোৱা ছাত্ৰ আনন্দ শৰ্মাৰ যোৱা ১ডিচেম্বৰত জটিল অস্ত্ৰোপচাৰ হোৱাৰ পাছত আইচিইউতে চিকিৎসাধীন হৈ ক্ৰমে স্বাস্থ্যৰ উন্নতি হৈছে যদিও সম্পূৰ্ণ সুস্থ হবলৈ হয়তো আৰু বহু দিনৰ প্ৰয়োজন হব।ইফালে সমগ্ৰ ৰেগিং ঘটনাৰে জড়িত অভিযোগত আৰু বহু ছাত্ৰ তথা প্ৰাক্তন ছাত্ৰ তদন্তৰ আওতালৈ অহাৰ লগতে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like