নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীৰ গুৰিহাটী ৰাসোৎসৱত জনসমুদ্ৰ

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ: গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি ৬২ বৰ্ষত ভৰি দিয়া ওদালগুৰিৰ খৈৰাবাৰীৰ গুৰিহাটী ৰাসোৎসৱত এই বেলিও দেখা গৈছে বিশাল জনসমুদ্ৰ। আৰম্ভণিৰ তিনিটা মান দিন পাৰ হোৱাৰ পিছৰে পৰা ৰাসোৎসৱ থলীত দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয়। অবিভক্ত দৰং জিলাৰ ঐতিহ্য মণ্ডিত এই ৰাসোৎসৱলৈ সন্ধিয়াৰ ভাগৰ পৰাই ভিন্ন প্ৰান্তৰ পৰা অহা অগণন দৰ্শনাৰ্থীৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। যোৱা দুদিনৰ পৰা ৰাস থলীত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। খৈৰাবাৰী চহৰৰ পৰা ৰাসোৎসৱ থলীলৈ প্ৰায় এক কিলোমিটাৰ পথত দেখিবলৈ পোৱা গৈছে দৰ্শনাৰ্থীৰ লানি নিচিঙা সোঁত। ইপিনে ভেৰগাঁও মহকুমা সদৰৰ পৰাও একেই সোঁত। ৰাসোৎসৱ থলীত আটকধুনীয়কৈ সজাই তোলা মৃণ্ময় মূৰ্তি সমুহৰ লগতে মীনা বাজাৰ, ডায়মণ্ড যাদু খেল, চিনেমা, বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উপভোগৰ বাবে নিতৌ হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ সমাবেশ ঘটিছে ৰাস থলীত। ৰাসোৎসৱত উপলব্ধ মিকি মাউচ শিশু সকলৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। ইপিনে ৰাস থলীত প্ৰদৰ্শন হৈ থকা কলকাতাৰ বাউল সংগীতেও মুগ্ধ কৰিছে দৰ্শনাৰ্থীসকলক। একেদৰে জনগোষ্ঠীয় খাদ্যৰ সোৱাদ ল’বৰ বাবেও ৰেষ্টৰেন্ট সমুহত দৰ্শনাৰ্থী সকলে হেতা-ওপৰা লগোৱা পৰিলক্ষিত হৈছে। বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ভিন্ন ধৰ্মাৱলম্বী লোকৰ সমাবেশেৰে এক প্ৰকাৰ মিলন তীৰ্থত পৰিণত হৈছে ৰাসোৎসৱ থলী। এই ঐতিহ্য মণ্ডিত ৰাসোৎসৱ দৰ্শনৰ বাবে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক দুৰ্গা দাস বড়োকে ধৰি ভালে কেই গৰাকী বিশিষ্ট লোকৰো আগমন ঘটিছে । অঞ্চলটোৰ ভিন্ন শ্ৰেণীৰ লোকৰ মাজত যেন সম্প্ৰীত আৰু ভাতৃত্ববোধৰ বাৰ্তা বিলাইছে খৈৰাবাৰীৰ এই ৰাসোৎসৱে। ৭ নবেম্বৰৰ পৰা ১৮ নবেম্বৰলৈ আয়োজন কৰা এই ৰাসোৎসৱত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা পৰিৱেশৰ সৃষ্টি হ’বলৈ নাপায় তাৰ ভাবে পৰ্যাপ্ত আৰক্ষীও মোতায়েন কৰা হৈছে। উদযাপন সমিতিও এই দিশত সকলো সময়তে সষ্টম হৈ আছে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like