নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত শংকৰদেৱ নেত্ৰালয়ৰ শাখা মুকলি

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ শংকৰদেৱ নেত্ৰালয় গুৱাহাটীৰ উদ্যোগত আজি কামৰূপ জিলাৰ বকোত আনুষ্ঠানিকভাৱে মুকলি কৰে এটি শাখা। আজি আবেলি পৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই এক মাংগলিক পৰিবেশত বকো ভিজন চেন্টাৰ নামৰ শাখাটো মুকলি কৰে। শংকৰদেৱ নেত্ৰালয়ৰ ভিজন চেন্টাৰ পৰিদৰ্শক দ্বীপজ্যোতি মেধি আৰু বকোৰ ৰবিন কলিতা (জান)ৰ তৎপৰতাত ভিজন চেন্টাৰ মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে শংকৰদেৱ নেত্ৰালয়ৰ মুৰব্বী চিকিৎসক তথা পৰিচালন সঞ্চালক হৰ্ষ ভট্টাচাৰ্য্যকে ধৰি বহুসংখ্যক নেত্ৰালয়ৰ বিষয়ববীয়া। ইফালে ভিজন চেন্টাৰ বকোৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ চকুৰ ৰোগ নিৰ্মুলৰ এক বিপ্লৱ সৃষ্টি কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা মণ্ডলীয়ে। লগতে চেন্টাৰটোৰ জৰিয়তে চকুৰ ৰোগৰ প্ৰাথমিক চিকিৎসা বিনামূলীয়া হ’ব আৰু কম মূল্যত চছমা প্ৰদান কৰা হ’ব। অঞ্চলটোৰ দুখীয়া নিচলা চকুৰ ৰোগীয়ে লাভৱান হব বুলি জানিব দিয়ে অনুস্থানত উপস্থিত থকা সচেতন ব্যক্তি সমাজে। আনহাতে শংকৰদেৱ নেত্ৰালয়ৰ প্ৰকল্প প্ৰৱন্ধক তপোব্ৰট ভূঞাই জনোৱা মতে, বকোত মুকলি কৰা ভিজন চেন্টাৰটোত সহযোগী হিচাপে থাকিব আইছছাইট ইউনিভাৰ্চেল অষ্ট্ৰোপ্ৰচাৰ আৰু কংণিজাইট ফাউণ্ডেছন নামৰ সংস্থা দুটা। আজিৰ ভিজন চেন্টাৰ মুকলি অনুস্থানত সহযোগ কৰে নেত্ৰালয়ৰ তাৰিদ দাস, দীপন শৰ্মা, ৰমেন কাকতি, চন্দন হাজৰিকাৰ উপৰিও বহু কেইজন কৰ্মীয়ে।

প্ৰেৰক বিষ্ণুৰাম দাস

You might also like