নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰীৰ পানী মৰিছা পাথাৰ মিলন প্ৰাথমিক বিদ্যালয়ত চাৰি বছৰে সম্পূৰ্ণ নহল বিদ্যালয় নিৰ্মাণৰ কাম

নিয়মীয়া বাৰ্তা, ১৫ মে’ : চৰকাৰে বিভিন্ন বিভাগত বিভিন্ন ধৰণৰ জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰে। কিন্তু কিছুমান আঁচনি যেন চৰকাৰে কেৱল গ্ৰহণ কৰিয়েই দায়িত্ব সামৰিছে। কাম কাজেই তেনেকুৱা এটি আঁচনি হৈছে এম এছ ডি পি। কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ এই এম এছ ডি পি আঁচনিৰ জড়িয়তে বিভিন্ন বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠালি নিৰ্মাণ কৰাৰ আঁচনি গ্ৰহণ কৰিছিল চৰকাৰে। বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুক্ষেত্ৰী সমষ্টিৰ ৪৪ নং পশ্চিম পাকা গাঁও পঞ্চায়তৰ ভেৰাগাঁও মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ১৬১৯নং পানী মৰিছা পাথাৰ মিলন প্ৰাথমিক বিদ্যালয়ত অতিৰিক্ত শ্ৰেণী কোঠালি নিৰ্মাণৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰাৰ পিছত স্থানীয় ৰাইজে খুব আনন্দ প্ৰকাশ কৰিছিল। বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ মুখত আনন্দৰ হাঁহি ফুটি উঠিছিল কিয়নো ছাত্ৰ-ছাত্ৰী অনুপাতে বিদ্যালয়ত শ্ৰেণী কোঠালীৰ অভাৱ আছে। যথা সময়ত অৰ্থাৎ যোৱা ২০১৮ চনত বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হ’ল। প্ৰথমতে ঠিকেই আৰম্ভ হ’ল। কামৰ অগ্ৰগতি ভালেই আছিল। ৰাইজে ভাৱিছিল ৩/৪ মাহত কিজানি নতুন শ্ৰেণী কোঠালীৰ নিৰ্মাণ সম্পূৰ্ণ হব। বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে কিছুদিন পিছত নতুন কোঠালীত পাঠদান শিকিব বুলি আশা পালি আছিল। কিন্তু সকলো আশা মৰহি গ’ল। কিয়নো ৩/৪ মাহ নহয় যোৱা চাৰি বছৰেও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল এইখন বিদ্যালয়ৰ এম এছ ডি পি আঁচনিৰ। ঠিকাদাৰৰ চূড়ান্ত গাফিলতীৰ বাবে এনেদৰে যোৱা চাৰি বছৰেও সম্পূৰ্ণ নহল কাম। শ্ৰেণী কোঠালীৰ কাম সম্পূৰ্ণ নোহোৱাত বিদ্যালয়ত পাঠদানত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। কিয়নো ৮১জন ছাত্র -ছাত্ৰী থকা বিদ্যালয়ত বৰ্তমান মাত্ৰ দুটা শ্ৰেণীকোঠালীত মুঠ ছয়টা শ্ৰেণীৰ পাঠদান দিব লগা হৈছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে ইস্তাকুৰ ৰহমান, অলকা ডেকা, চিন্তামণি ডেকা,নীলাক্ষী হাজৰিকা আৰু জ্যোতিপ্ৰসাদ তালুকদাৰে। যোৱা চাৰি বছৰে ঠিকাদাৰে লাহে লাহে কাম কৰি কিছু পৰিমাণে আগবঢ়াই নিছে যদিও এতিয়াও বহুতো কাম বাকী আছে। টিন পাত লগোৱা, দৰ্জা, খিৰিকী, ৰ‌ং আদিৰ কামত এতিয়ালৈকে হাতেই দিয়া নাই। ঠিকদাৰক কামটো সম্পূৰ্ণ কৰিবলৈ কলে চৰকাৰে পুঁজি মুকলি কৰি নিদিয়াৰ বাবে আধৰুৱা কাম সম্পূৰ্ণ কৰিব পৰা নাই বুলি বাৰে বাৰে অজুহাত দেখাই আছে।যি সময়ত চৰকাৰে গুণোৎসৱৰ জড়িয়তে শিক্ষাৰ মান নিৰূপণ কৰিবলৈ আগবাঢ়িছে তেনে সময়ত চাৰিজন শিক্ষক -শিক্ষয়িত্ৰীয়ে দুটা শ্ৰেণী কোঠালিত ছয়টাকে শ্ৰেণীত পাঠদান দিবলগীয়া হলে সেইখন বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ কেনেকুৱা ধৰণৰ হব সেয়া সহজেই অনুমান কৰিব পাৰি। নিৰ্মাণ চলি থকা শ্ৰেণী কোঠালিৰ কাম সোনকালে সমাপ্ত কৰাৰ দাবীৰে প্ৰধান শিককে যে কিমান দিন কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি আছে তাৰ কোনো হিচাপ নাই। অতি সোনকালে শ্ৰেণী কোঠালীৰ কাম সম্পূৰ্ণ কৰিবলৈ অঞ্চলবাসীয়ে চৰকাৰক দাবী জনাইছে।

প্ৰেৰক আফতাব হুছেইন

You might also like