নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰাৰোগ্য ৰোগত আক্ৰান্ত : মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিলে নগাঁৱৰ সৌভাগ্যজিতে

বিশেষ বাৰ্তা, ১৭ জানুৱাৰী: সকলোৰে আছে এক সপোন৷ সপোন বাস্তব কৰিবলৈ জীৱন যুঁজত অবতীৰ্ণ হয় প্ৰতিজন৷ কিন্তু নিয়তি কেতিয়াবা জীৱন যুঁজত প্ৰাচীৰ হয়৷ তেতিয়াই প্ৰয়োজন হয় মানুহে মানুহৰ বাবে সহায়ত হাত আগবঢ়োৱাৰ৷ এজন মেধা ছাত্ৰ ৷ সৌভাগ্যজিৎ বৰা নামৰ নগাঁৱৰ কঠীয়াতলিৰ ১৬ বছৰীয়া ছাত্ৰজনে এক সপোন লৈ খোজ দিছিল৷ নিজৰ মেধাৰে সময়ৰ বলুকাত খোজ দি আগবাঢ়িছিল৷ সপোন দেখিছিল জ্ঞান আহৰনে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ৷ সেই সপোন বাস্তৱায়িত হোৱাৰ পূৰ্বে সৌভাগ্যজিৎ বৰা আবদ্ধ হব লগা হ’ল চিকিৎসালয়ৰ চাৰিবেৰৰ মাজত৷ হঠাৎ সৌভাগ্যজিতৰ দেহত ধৰা পৰিল দুৰাৰোগ৷ সৌভাগ্যজিৎ কিন্তু ভাগি নপৰিল৷ মুম্বাইৰ টাটাৰ কেঞ্চাৰ চিকিৎসালয়ত হাঁহি গ্ৰহণ কৰিলে কেঞ্চাৰৰ চিকিৎসা৷ বিগত চাৰি মাহে হাঁহি হাঁহি গ্ৰহণ কৰা চিকিৎসাৰ মাজত সৌভাগ্য অনুধাবন কৰিব পাৰিছে এই চিকিৎসা অতিব্যয়বহুল৷ যি নিজৰ সাধাৰন পৰিয়ালটোৱে চিকিৎসাৰ বাবে ইমান বৃহৎ পৰিমানৰ ধন ব্যয় কৰাটো সম্ভব নহয় ৷ সৌভাগ্যই দেখিছে পিতৃ-মাতৃৰ অসহায় অৱস্থা ৷ এফালে কেঞ্চাৰৰে সৌভাগ্যৰ যুঁজ আৰু আনফালে পিতৃ-মাতৃ আৰ্থিক অসহয়তা৷ মুম্বাইত চলি থকা চিকিৎসাৰ মাজত সৌভাগ্যক চিকিৎসকে সম্পন্ন কৰিব এক জটিল অস্ত্ৰোপ্ৰচাৰ৷ তাৰ বাবে প্ৰয়োজন হব এক বৃহৎ অৰ্থৰ৷ তাৰ পিছটো চলিব এক দীঘলীয়া সময়ৰ বাবে চিকিৎসা ৷ সেয়া পৰিয়ালটোৰ বাবে সম্ভব নহয় ৷ ভোগালীৰ বতৰত চিকিৎসালয়ৰ বিচনাৰ পৰা সেয়ে সৌভাগ্যই বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহায়৷ সামাজিক মাধ্যমৰ জৰিয়তে সৌভাগ্যজিতে মুখ্যমন্ত্ৰীলৈ এক পত্ৰ লিখি বিচাৰিছে সহায়ৰ হাত ৷ সৌভাগ্যই লিখিছে – প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব। সন্মান সহকাৰে মই, সৌভাগ্যজিৎ বৰাই আপোনাক অতি দুখেৰে জনাব বিচাৰো যে আজি চাৰিমাহে দুৰাৰোগ্য কেন্সাৰত ewings sarcoma (bone cancer) আক্রান্ত হৈ আছো। মই বৰ্তমান টাটা মেম’ৰিল হাস্পতাল, মুম্বাইত চিকিৎসাধীন অবস্থাত আছো। চাৰিটা কেম’থেৰাপি লৈ শেষ হ’ল যদিও অতি সোনকালেই চার্জাৰী প্ৰয়োজন। অতি খৰচী আৰ দীৰ্ঘম্যাদী এই ৰোগৰ চিকিৎসা প্ৰক্ৰিয়াটো চলাই নিবলৈ আমাৰ কাৰনে বৰ অসম্ভৱ হৈ পৰিছে। আৰু অপেৰেচনটো কৰিবৰ কাৰনেও যথেষ্ট টকাৰ প্ৰয়োজন তাৰ পিছতো আৰু কেম’থেৰাপি ৰ প্ৰয়োজন হব। মা-দেউতাৰ চিন্তাক্লিষ্ট মনটো দেখি মই বাৰুকৈয়ে অনুভৱ কৰিব পাৰিছো তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰা তেওঁলোকৰ মানসিক কাৰুন্যতা তথা আৰ্থিক দৈন্যতাৰ কথা। পত্ৰখনত লগতে ছাত্ৰজনে উল্লেখ কৰিছে এই বুলি যে- মই ২০২২ চনৰ HSLC পৰীক্ষাত সকলোকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ৯২% নম্বৰেৰে আৰু গনিতত সর্ব্বোচ্চ ১০০ নম্বৰ লৈ ডিষ্টিংছন সহ উত্তীৰ্ণ হৈছিলো। বহু আশা আৰু সপোন বুকুত বান্ধি লক্ষ্য স্থিৰ কৰি ৰামানুজন জুনিয়ৰ কলেজ, নগাঁৱত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছিলো। অতি আগ্ৰহেৰে ডেৰ মাহ ক্লাছ কৰিছিলোহে মাত্ৰ তেনেতে অত্যন্ত ভৰি বিষ হোৱাত ডাক্তৰৰ ওচৰলৈ যোৱাত পর্যায় ক্ৰমে হোৱা পৰীক্ষা নিৰীক্ষাত মোৰ BONE CANCER (Ewing Sarcoma) ধৰা পৰে ৷ মই ভবিষ্যতে IIT ত শিক্ষা গ্ৰহন কৰি এজন সফল software engineer হোৱাৰ লক্ষ্য আগত লৈ পঢ়াশুনাত মনোনিৱেশ কৰিছিলো। কিন্তু হঠাতে অহা এই কাল ধুমুহাই বর্তমান সকলো স্থবিৰ কৰি পেলাইছে। মহাশয় মই শীঘ্ৰে এই স্থবিৰ হৈ ৰোৱা সময়খিনিৰ পৰা উদ্ধাৰ বিচাৰি মোৰ লগৰ আন দহজনৰ দৰে মোৰ শিক্ষাজীৱনটো আগুৱাই নিব বিচাৰো। মহোদয়ৰ ওচৰত মোৰ কাতৰ অনুৰোধ আপোনাৰ আশীৰ্বাদ আৰু আৰ্থিক সহায়েৰে মোক মোৰ ভবিষ্যত গঢ়ি তোলাত সহায় কৰে যেন। ছাত্ৰজনৰ মোৱাইল নম্বৰ ৯৮৫৯৫৩৯৬৩৭ ৷ নিশ্চিতভাৱে ছাত্ৰ জনক সহায় কৰিব বুলি ছাত্ৰজনৰ লগতে পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে ৷

 

প্ৰেৰক কনক হাজৰিকা

You might also like