নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা ডিগবৈৰ যুৱকৰ

বিশেষ বাৰ্তা, ২৬ মেঃ ডিব্ৰুগড়ৰ বগীবিল দলঙত আজি পুৱাই সংঘটিত এক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অনিকেত দত্ত গুপ্ত (১৯) নামৰ কম্পিউটাৰ চায়েঞ্চৰ এজন ছাত্ৰই বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰ নদীত জাপ দিয়া ঘটনাই সকলোৰে চকু কপালত তুলিছে।আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আজি পুৱা প্ৰায় ৭.৩০ বজাত ডিব্ৰুগড়ৰ চুকাফা তিনিআলিৰ পৰা অৰুণাচল প্ৰদেশ অভিমুখে যোৱা এখন গাড়ীত উঠিছিল ছাত্ৰজনে।হঠাৎ বগীবিল দলঙৰ মাজভাগতে বমিৰ অনুভৱ হৈছে বুলি গাড়ীখন ৰখাই দিবলৈ কয় আৰু গাড়ীখন ৰৈ যোৱাৰ লগে লগে ছাত্ৰগৰাকীয়ে গাড়ীৰ পৰা নামি ব্ৰহ্মপুত্ৰ নদীত জপিয়াই পৰে।আৰক্ষীয়ে জনোৱা মতে, নদীত জপিয়াই পৰা স্থানৰ পৰা লেপটপ আৰু মোবাইলকে ধৰি কিছু সামগ্ৰী উদ্ধাৰ কৰিছে।সেই স্থানৰ পৰা অনিকেত দত্ত গুপ্তৰ নামত এখন ছুইচাইড নোটও উদ্ধাৰ কৰা হৈছে।জানিব পৰা মতে তিনিচুকীয়া জিলাৰ ডিগবৈৰ গুপ্তকুটিৰ আশুতোষ দত্ত গুপ্ত আৰু ঝুমা দত্ত গুপ্তৰ পুত্ৰ অনিকেত।ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) বিতুল চেতিয়াই জানিবলৈ দিয়া মতে, ব্ৰহ্মপুত্ৰত জপিয়াই পৰা ছাত্ৰজন অৰুণাচল প্ৰদেশৰ পাপুমৰ নিৰিজুলিত অৱস্থিত নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজি (নেৰিষ্ট)ৰ কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিক ছাত্ৰ অনিকেত দত্ত গুপ্তা বুলি প্ৰাথমিক তদন্তত সন্দেহ কৰা হৈছে।উল্লেখ্য যে যোৱা ২৪ মে’ৰ পুৱা প্ৰায় ১১.১৫ বজাত কেম্পাছৰ পৰা নিৰুদ্দেশ হৈছিল নেৰিষ্টৰ কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিক ছাত্ৰ অনিকেত দত্ত গুপ্তা।পৰীক্ষা চলি থকাৰ সময়ত ইনভিজিলেটৰে অনিকেতৰ পকেটত এখন নকল ধৰা পেলায়।অনিকেতে কোনোৱে ইচ্ছাকৃতভাৱেই উক্ত নকল তেওৰ পকেটত ৰখা বুলি কৈ এয়া তেওঁৰ নহয় বুলিও দাবী কৰিছিল।পুৱা প্ৰায় ১০:৩০ বজাত পৰীক্ষাগৃহৰ ভিতৰত সংঘটিত হৈছিল এই ঘটনা।ইয়াৰ পাছতে পৰীক্ষাগৃহৰ পৰা অনিকেত ওলাই পোনে পোনে হোষ্টেললৈ গৈছিল।নিশাৰ ভাগত ছাত্ৰ গৰাকীক হোষ্টেলত বিচাৰি নাপাই নিশা প্ৰায় ৯.৩০ বজাত নেৰিষ্টৰ মুখ্য ৱাৰ্ডেনে আৰক্ষীক অনিকেত নিৰুদ্দেশ হোৱাৰ বিষয়ে অভিযোগ দাখিল কৰে। তদন্তৰ সময়ত আৰু পোহৰলৈ আহে যে ছাত্ৰজনে নেৰিষ্ট গেটৰ এটিএম বুথৰ পৰা নিজৰ একাউণ্টৰ পৰা ৫ হাজাৰ টকা উলিয়াইছিল আৰু নিৰুদ্দেশ হোৱাৰে পৰা তেওঁৰ ফোনটো চুইচ অফ হৈ আছিল।ইফালে পৰিয়ালৰ পৰা জানিব পৰা অনুসৰি যোৱা ২৪ মে’ত অনিকেতৰ সৈতে শেষ বাৰ্তালাপ হৈছিল।সিদিনা দিনৰ ভাগতে অনিকেতে লাইব্ৰেৰিত পঢ়িবলৈ যোৱা বুলি উল্লেখ কৰিছিল। আনহাতেদি ডিব্ৰুগড়ৰ এ এছ পি বিতুল চেতিয়াই কয় যে, “ঘটনাস্থলীত উদ্ধাৰ হোৱা চুইচাইড নোটৰ ভিত্তিত আমি সন্দেহ কৰা অনিকেত দত্ত গুপ্তাৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাই থকা হৈছে।এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে অভিযান চলাইছে যদিও এই পযন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰেৰক বিভাস দুৱৰা

You might also like