নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধৰুৱা হৈ ৰল শিৰত সেন্দূৰ লোৱাৰ সপোন : দেৰগাঁৱত শিক্ষয়িত্ৰীৰ আত্মহত্যাক লৈ চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ দেৰগাঁও থানাৰ অন্তৰ্গত শান্তিপুৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত নিজ বাসগৃহত কোঠাত চিপ লৈ আত্মহত্যা কৰে সংগীতা নাথ নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে। শান্তিপুৰৰ নিবাসী উমাকান্ত নাথৰ ২৭ বছৰীয়া জীয়ৰী সংগীতা নাথে নাথে নুমলীগড় ধনশিৰী ভেলী প্লাবিক স্কুলত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছিল। আনহাতে সংগীতাৰ ২০২৩ চনৰ ২৭ জানুৱাৰীত দেৰগাঁৱৰ এজন যুৱকৰ লগত বিয়াৰ ঠিক হৈ আছিল। নিজৰ বিয়াখনক লৈ বেছ উৎসাহী আছিল সংগীতা। তেনেস্থলত কি কাৰণত শিক্ষয়িত্ৰীগৰাকীয়ে বিয়ালৈ কেইটামান দিন থকা অৱস্থাত এনে এক চৰম সিদ্ধান্ত বাছি ল’লে বৰ্তমানেও তাৰ কাৰণ জানিব পৰা নাই। যুৱতীগৰাকীক নিশাই দেৰগাঁও সামূহিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট লৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ অনুসন্ধানৰ পাছতহে হয়তো প্ৰকৃত তথ্য পোহৰলৈ আহিব। সম্প্ৰতি এই ঘটনাই এতিয়া দেৰগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰেৰক ভাস্কৰ জ্যোতি বৰদলৈ
You might also like