নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম যুৱ আয়োগৰ পদক্ষেপ : নাহৰকটীয়া কলেজত EWSৰ পঞ্জীয়ন ড্ৰাইভৰ শুভাৰম্ভ

বিশেষ বাৰ্তা, ৭ ডিচেম্বৰ : অসমৰ সাধাৰণ জাতিৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰৰ অসম যুৱ আয়োগে সমগ্ৰ অসমত আৰম্ভ কৰা অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলৰ পঞ্জীয়ন অভিযান আজি নাহৰকটীয়া মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। আয়োগৰ সভাপতি তৰঙ্গ গগৈ, উপ-সভাপতি অৰুণ জ্যোতি মৰাণ, সদস্যদ্বয় ক্ৰমে প্ৰমোদ ভেংৰা, ভাস্কৰ জ্যোতি গগৈ, নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৰৎ গগৈ, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, প্ৰশাসনিক সমন্বয়ক ডঃ স্মৃতি ৰেখা গগৈ গায়ন, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ডঃ অনন্ত কুমাৰ বৰুৱা আদি উপস্থিত থকা এই কাৰ্যসূচীত আয়োগৰ সভাপতি তৰঙ্গ গগৈ, চক্ৰ বিষয়া শৰৎ গগৈ আৰু অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে ছাত্ৰ ছাত্ৰী সকলক এই অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰমাণ পত্ৰৰ জৰিয়তে কিদৰে ভৱিষ্যত দিনত উচ্চ শিক্ষাকে ধৰি চাকৰি আদি লাভৰ ক্ষেত্ৰত লাভৱান হব পাৰি সেই সম্পৰ্কে সুচাৰুভাৱে বুজাই দিয়ে। লক্ষণীয় যে অধ্যাপক ডঃ ধীৰাজ কুমাৰ দাসে আঁত ধৰা এই অনুষ্ঠানতে সদ্যসমাপ্ত অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচনত সভাপতিৰ দায়িত্ব লাভ কৰাৰ বাবে বিধায়ক তৰঙ্গ গগৈক নাহৰকটীয়া মহাবিদ্যালয় পৰিয়াল আৰু নাহৰকটীয়া বেডমিণ্টন ফেনচ ক্লাৱৰ পৰা সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

You might also like