নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থায়ী জৰীপবিহীন চৰাঞ্চলৰে মাজুলীক কংগ্ৰেছ-ইউডিএফে সাঙোৰাটো দুৰ্ভ্যাগ্যজনক : পৱিত্ৰ মাৰ্ঘেৰিটা

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ ‘‘বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ সেয়া নিজস্ব কথা। তেওঁলোকে কিমান পায়, সেয়া তেওঁলোকৰ কথা। কিন্তু আমি ১২খন পাম। এইটো আমাৰ গণনা।’’ এই ভাষ্য ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ। আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হৈ নতুনকৈ ভৰ্তি হোৱা শিক্ষাৰ্থীসকলৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত সাংবাদিকৰে হোৱা কথা–বতৰাত ধুবুৰীৰ স্থানীয় সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলে আগত লোকসভা নিৰ্বাচনত তেওঁৰ দলে অতি কমেও তিনিখন আসনত জয়ী হ’ব বুলি কৰা দাবীক এইদৰে পোনছাটেই নস্যাৎ কৰা পোৱা যায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিবগৰাকীয়ে। আনহাতে সাংবাদিকৰ এক প্ৰশ্নত ‘‘বসুন্ধৰা’’ক লৈ যদি বিতৰ্ক হৈছে সেয়া বৰ দূৰ্ভাগ্যজনক কথা বুলি উল্লেখ কৰি সাংসদ মাৰ্ঘেৰিটাই কয় যে, ‘‘আমি ৰাজনীতিৰ ইমান নিম্ন পৰ্য্যায়লৈ কংগ্ৰেছ, এআইইউডিএফ আদি দল যাব বুলি ভৱা নাছিলোঁ। বসুন্ধৰাটো সমগ্ৰ অসমবাসীয়ে আদৰি লৈছে। কাৰণ সমগ্ৰ বৰ অসমৰ প্ৰতি বিন্দু ভূমি হ’ল খিলঞ্জীয়া ভূমি পুত্ৰসকলৰ, জনজাতিসকলৰ; বৰো, দেশী, আদি, আপাতানি, ৰাভা, তিৱা, মিছিং, কাৰ্বি – এই জনগোষ্ঠীসকলৰ ভূমি। আদিম কালৰ পৰা, হাজাৰ বছৰৰ ইতিহাসে তাকে কয়।’’ তেওঁ আৰু কয় যে, ‘‘তেওঁলোকে আজি বিভিন্ন কাৰণত দশক, দশক জুৰি, শতাব্দী জুৰি কিছু মাটিত পূৰ্বজ সকলৰ দিনৰ পৰা আছে; তেওঁলোকৰ আচলতে ম্যাদি পট্টা আজিৰ পৰা কেতিয়াবা, আজিৰ পৰা ৭০ বছৰ আগতে দিব লাগিছিল। কিন্তু আমি ৰ’বলগীয়া হ’ল ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰলৈ। গতিকে সমগ্ৰ অসমে আজি উদযাপন কৰিব লাগে যে খিলঞ্জীয়া ভূমিপুত্ৰই আজি ৫০ বিঘাকৈ মাটি অন্ততঃ তেওঁলোক আৱেদন কৰিব পাৰিব য’ত তিনিটা প্ৰজন্ম ধৰি আছে।’’ আনহাতে অস্থায়ী চৰাঞ্চল অথবা স্থায়ী জৰীপবিহীন চৰাঞ্চলৰ সৈতে হাজাৰ বছৰীয়া মাজুলীকো কংগ্ৰেছ আৰু এআইইউডিএফে সাঙুৰাটো দূৰ্ভ্যাগ্যজনক বুলি অভিহিত কৰি পৱিত্ৰ মাৰ্ঘেৰিটাৰ কংগ্ৰেছৰ স্থিতি স্পষ্ট কপিবলৈ প্ৰত্যাহ্বান জনাই কয় যে, ‘‘কংগ্ৰেছলৈ পোনপটীয়া প্ৰশ্ন – তেওঁলোকে স্পষ্টকৈ কওক আজি খিলঞ্জীয়া জনগোষ্ঠীয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃতত্বত আজি বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত বসুন্ধৰা–২ ৰ জৰিয়তে ৫০ বিঘাতকৈ অধিক মাটি পাবলৈ গৈ আছে এই কথা আজি কংগ্ৰেছে কিয় বিৰোধিতা কৰিছে, আজি কিয় অস্থায়ী চৰৰ কিছু বাসিন্দাৰ বাবে আজি কিয় অৰণ্যৰোদন কৰিছে সেই কথাটো কংগ্ৰেছে ভাৰত জোড়ো যি যাত্ৰাতে কওক। তেওঁলোকে কওক কিয় তেওঁলোকে আমাৰ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই ঐতিহাসিক সিদ্ধান্তক উলহ–মালহেৰে কিয় আদৰণি জনোৱা নাই এই কথাটো ভূপেন বৰাৰ বক্তৱ্যত আমি শুনা পাম বুলি ভাৱিছোঁ আৰু তেওঁ স্থিতি স্পষ্ট কৰক।’’

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like