নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গুৰুদ্বাৰাত শ্বাহিদী দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ সপত্নীক ৰাজ্যপাল মুখীৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ কালিৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘”শ্ৰীগুৰু টেগ বাহাদুৰ চাহিব জী গুৰুদ্বাৰা’’ত আৰম্ভ হোৱা শ্বাহিদী দিৱসৰ কাৰ্য্যসূচীত অংশ ল’বলৈ আজি সপত্নীক ধুবুৰীত উপস্থিত হয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। আজি দুপৰীয়াৰ ফালে ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীৰ এটি দলে ‘‘গাৰ্ড অৱ অনাৰ’’ প্ৰদৰ্শন কৰে ৰাজ্যপালগৰাকীক। আৱৰ্ত ভৱনৰ নাতিদূৰত থকা গুৰুদ্বাৰালৈ উপস্থিত হোৱাৰ পিছত তেওঁক পূৰ্বোত্তৰ শিখ প্ৰতিনিধি বোৰ্ড আৰু গুৰুদ্বাৰা কৰ্তৃপক্ষই উষ্ম আদৰণি জনায়। গুৰুদ্বাৰা চৌহদত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত তেওঁক পূৰ্বোত্তৰ শিখ প্ৰতিনিধি বোৰ্ডৰ কাৰ্য্যকৰ্তাসকলে ৰাজ্যপাল অধ্যাপক মুখীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। সপত্নীক গুৰুদ্বাৰাত সেৱা আগবঢ়োৱাৰ পিছত উপস্থিত সাংবাদিকৰে হোৱা কথাবতৰাত ৰাজ্যপাল অধ্যাপক মুখীয়ে আজি শ্বাহিদী দিৱসৰ দিনটোত ধুবুৰীৰ “শ্ৰীগুৰু টেগ বাহাদুৰ চাহিব জী গুৰুদ্বাৰা’’ত উপস্থিত থকাৰ সুযোগ পোৱাৰ বাবে সৌভাগ্যৱান অনুভৱ কৰা বুলি নিজকে অভিহিত কৰে। তেওঁ গুৰু টেগ বাহাদুৰে দেশ, হিন্দু আৰু মানৱতাৰ বাবে কৰা বলীদানৰ সমগ্ৰ বিশ্ব ইতিহাসত কোনো দ্বিতীয় উদাহৰণ নাই বুলি উল্লেখ কৰে আৰু সমগ্ৰ হিন্দুস্তানৰ ল’গত আজি ধুবুৰীৰ এই ঐতিহাসিক গুৰুদ্বাৰাত থিয় হৈ গুৰু টেগ বাহাদুৰৰ চৰণক সেৱা যাচিছোঁ বুলি কয়। আনুমানিক প্ৰায় এঘন্টা মান সময় ধুবুৰী গুৰুদ্বাৰাত অতিবাহিত কৰাৰ পিছত পুনৰ গুৱাহাটীলৈ উভতি যায় তেওঁ। উল্লেখ্য যে, পূৰ্বোত্তৰ শিখ প্ৰতিনিধি বোৰ্ডৰ উদ্যোগত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ  শ্বাহিদী দিৱসৰ এই তিনিদিনীয়া কাৰ্য্যসূচীয়ে এই বেলি ৩৪৭ বছৰত ভৰি দিলে। ইপিনে শ্বাহিদী দিৱসৰ আজিৰ দ্বিতীয় দিনাৰ মূল আকৰ্ষণ আছিল “নগৰ সংকীৰ্তন”৷ আজি দুপৰীয়া বিশেষ ৰীতি-নিয়মৰ মাজেৰে শিখসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ “গুৰু গ্ৰন্থচাহিব”সহ গুৰুদ্বাৰাৰ পৰা ওলোৱা বৰ্ণাঢ্য সেই ধৰ্মীয় শোভাযাত্ৰাটোত দূৰ-দূৰান্তৰ পৰা অহা ভক্তসকলে অংশগ্ৰহণ কৰে৷ জনসমুদ্ৰ সদৃশ সেই শোভাযাত্ৰাটো পৰিভ্ৰমণ কৰা চহৰখনৰ বিভিন্ন ৰাজপথ গুৰুবাণীৰ ধ্বনিৰে মুখৰিত কৰি তোলে পূণ্যাৰ্থীসকলে৷  উল্লেখ্য যে, শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰে নিজ হাতে স্থাপন কৰা ধুবুৰীৰ গুৰুদ্বাৰাটোত আয়োজিত পৱিত্ৰ “শ্বহিদী দিৱস”ত অংশ ল’বলৈ প্ৰতি বছৰৰ দৰে এইবেলিও অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ শিখধৰ্মাৱলম্বী লোক আহি ধুবুৰীলৈ উপস্থিত হৈছে৷  অইন অইন বছৰবোৰৰ দৰে এইবেলিও শ্বাহিদী দিৱসক কেন্দ্ৰ কৰি গুৰুদ্বাৰাৰ সন্মুখৰ ৰাজপথকে ধৰি সমীপৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আৰম্ভ হোৱা তিনিদিনীয়া এখন মেলাক লৈ ধুবুৰীত সৃষ্টি হৈছে উখল–মাখল এক পৰিৱেশৰো।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like