নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ফুট গধূলিতে চিলনী চোৰে মহিলাৰ পৰা কাঢ়ি নিলে মবাইল

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ: ৰঙিয়া নগৰত ফুট গধুলিতে চিলনী চোৰে সন্ত্ৰাস চলোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। আজি সন্ধিয়া ৰঙিয়া ষ্টেচন ৰোডত খোজকাঢ়ি গৈ থকা এগৰাকী মহিলাৰ পৰা দুই চিলনী চোৰে কাঢ়ি নিয়ে মোবাইল। চুৰি কাৰ্য সংঘটিত কৰা ঘটনাস্থলীৰ পৰা কিছু নিলগত চোৰ দুজনে বাইকত পলায়ন কৰাৰ মুহূৰ্ততে এজন চাইকেল আৰোহীক খুন্দিয়ায়। দুৰ্ঘটনা সংঘটিত কৰাৰ লগে লগে চিলনী চোৰ দুজনে আহত অৱস্থাত নিজৰ AS-01EW-1286 নম্বৰৰ পালচাৰখন এৰি থৈ অতি কৌশলেৰে পলায়ন কৰে। দুৰ্ঘটনাটোত চাইকেল আৰোহীজনো আহত হয়। ইফালে কন্যা সন্তানৰ সৈতে খোজকাঢ়ি গৈ থকা অৱস্থাত সংঘটিত এনে আকস্মিক ঘটনাত আতংকিত হৈ পৰে উদিয়ানা শালৈপাৰাৰ ক্ষীৰদা দাস নামৰ ভুক্তভোগী মহিলা গৰাকী। পিছত ৰঙিয়া থানাত ঘটনা সন্দৰ্ভত খবৰ দিয়াত আৰক্ষীৰ এটা দলে তদন্ত আৰম্ভ কৰে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like