নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত বৰফুকনৰ জন্ম জয়ন্তীত বজালী জিলা প্ৰশাসনৰ পৰম্পৰাগত খেল

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীত বজালী জিলা প্ৰশাসনে আজি আয়োজন কৰে সাতামপুৰুষীয়া চহা কৃষকৰ খেল ধেমালি। যি খেল উপভোগ কৰাৰ লগতে প্ৰত্যক্ষ কৰিবলৈ জাকে জাকে ওলাই আহিল অঞ্চলটোৰ শিশুৰ পৰা আৰম্ভ কৰি যুৱতী, আয়তী বোৱাৰীলৈ৷ বজালীৰ ঐতিহ্যমণ্ডিত চৌখুটী হাইস্কুল খেলপথাৰত অনুষ্ঠিত এই সাতামপুৰুষীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ আৰু উপভোগ কৰি যেন ধন্য হয় সকলো। অকল এয়াই নহয় কাইলৈ সন্ধিয়া একেলগে শতাধিক ভায়োলিন বাদনেৰে এক ৰেকৰ্ড সৃষ্টি কৰিবলৈ ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰা বুলিও বজালী জিলা উন্নয়ন বিষয়া মানস দাসে জানিবলৈ দিছে। বজালী জিলা প্ৰশাসনে আজি চৌখুটী হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখনৰ আনুস্থানিক ভাবে ফ্লেগ অফ কৰে মানস দাসে। বজালীৰ খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱাই সামগ্ৰিক পৰিকল্পনা কৰা এই প্ৰতিযোগিতাত তাহানিৰ ককা আইতাৰ দিনৰ দৌৰ, কাবাডী, ৰচি টনা, কলহ ভঙা, বেজিত সুতা ভৰোৱা, চামুচত মাৰ্বল লৈ দৌৰা, উঠা বহা,ট আদিকে ধৰি লুপ্তপ্ৰায় খেল সমুহৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানত অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তিৰ উপৰি বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মা, অতিৰিক্ত উপায়ুক্ত মনোজৌতি কুটুম, ধ্ৰুবজৌতি দেৱ আদি ভালে সংখ্যক চৰকাৰী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like