নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞিৰ জন্মদিনত ‘নিয়মীয়া বার্তা’ৰ কার্যালয়ত শ্রদ্ধাঞ্জলি জ্ঞাপন কর্মচাৰীবৃন্দৰ

বিশেষ বাৰ্তা, ৭ ডিচেম্বৰঃ বিশিষ্ট সাহিত্যিক–সাংবাদিক প্রয়াত হোমেন বৰগোহাঞিৰ আজি ৯১সংখ্যক ওপজা দিনৰ সৈতে সংগতি ৰাখি ‘নিয়মীয়া বার্তা’ কাকতৰ সকলো সাংবাদিক–কর্মীয়ে অনুষ্টুপীয়াকৈ কাকতখনৰ মুখ্য কার্যালয়ত এক অনুষ্ঠান আয়োজন কৰে৷ উল্লেখ্য যে কাকতখনৰ মুখ্য সম্পাদক ৰূপে মৃত্যুৰ দিনাখনলৈকে কর্মৰত হৈ থকা সাহিত্যিকগৰাকীৰ প্রতি কার্যালয়ৰ প্রত্যেকগৰাকী কর্মচাৰীয়ে শ্রদ্ধা জ্ঞাপন কৰে৷ ‘নিয়মীয়া বার্তা’ কাকতৰ কার্যবাহী সম্পাদক অমল দাসে প্রয়াত সাহিত্যিকগৰাকীৰ স্মৃতি সুঁৱৰি কয়– জীৱিত অৱস্থাত ছাৰে কোনোদিনাই নিজৰ জন্মদিন পালন কৰাটো বিচৰা নাছিল৷ তেওঁৰ অভাৱ চিৰদিনেই অসমৰ সাংবাদিকতা ক্ষেত্রখনত থাকিব৷ প্রাক্তন সাংবাদিক তথা ডি পি আৰ চি পৰিচর্যা কেন্দ্রৰ স্বত্বাধিকাৰী দিগন্ত দাসেও আজি প্রয়াত সাহিত্যিকগৰাকীৰ ওপজা দিনটোত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্রয়াত সাহিত্যিকগৰাকীৰ সকলো স্মৃতি আমৃত্যু বুকুত বান্ধি কঢ়িয়াই লৈ ফুৰাৰ বাদে আন গত্যন্তৰ নাই বুলিও সামাজিক মাধ্যমত দাসে মন্তব্য কৰিছে৷ কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ উদ্যোগত আজি বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা প্রেক্ষাগৃহত হোমেন বৰগোহাঞি সোঁৱৰণী বত্তৃণতা প্রতিযোগিতা অনুষ্ঠিত কৰা হয়৷ সদৌ অসম ভিত্তিত আয়োজন কৰা প্রতিযোগিতাখনত ৰাজ্যৰ ৩৭খন মহাবিদ্যালয় আৰু তিনিখন বিশ্ববিদ্যালয়ৰ কেইবাজনো ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰে৷ প্রতিযোগিতাৰ অন্তত টি এম চি এইচৰ অঞ্জুমান ভৰদ্বাজ, কটন বিশ্ববিদ্যালয়ৰ সুদর্শন শর্মা আৰু আৰ জি ইউৰ নিস্কামনা অসমীয়া বিজয়ী হিচাপে ঘোষিত হয়৷ অনুষ্ঠানটো আজি বন্তি প্রজ্বলনেৰে উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্র ডেকা, অৱসৰপ্রাপ্ত প্রশাসনিক বিষয়া ৰবেন্দ্র কুমাৰ দাস আৰু সাহিত্যিক হোমেন বৰগোহাঞিৰ পুত্র অনিন্দ্য বৰগোহাঞিয়ে৷ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি প্রয়াত চিত্রশিল্পী নীলপৱন বৰুৱাৰ স্মৃতিত এখন চিত্রাংকন প্রতিযোগিতাও কটন বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হয়৷ প্রতিযোগিতাত বংকিম পাঠক প্রথম, ইফতিচান নাছৰিন দ্বিতীয় আৰু নিশান্ত মল্ল বুজৰবৰুৱা তৃতীয় বিজয়ী হিচাপে ঘোষিত হয়৷ সন্ধিয়া বিশ্ববিদ্যালয়ৰ মুখপত্র ‘কটনিয়ান’ উন্মোচন কৰে অসম সাহিত্য সভাৰ বর্তমানৰ সভাপতি কুল শইকীয়া আৰু প্রাক্তন সভাপতি ডাঃ ধ্রুৱজ্যোতি বৰাই৷

You might also like