নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ টিংৰাই আৰক্ষীয়ে খেদি খেদি ধৰিলে দুই গৰুচোৰক

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ দুলীয়াজান থানাৰ অধীনস্থ টিংৰাই আৰক্ষী চকীৰ এটা দলে কালি নিশা অভিযানত খেদি খেদি ধৰিলে দুই গৰু চোৰ লগতে চুৰিকাৰ্যত ব্যৱহৃত এখন বাহন জব্দ কৰে। হাতে লোটে কৰায়ত্ত কৰা চোৰ দুটা চাউলখোৱাৰ ছবিৰ আলি আৰু বাবু আলি বুলি আৰক্ষীয়ে জানিবলৈ দিছে । প্ৰাপ্ত খৱৰ অনুসৰি কালি নিশা প্ৰায় ১১ বজাত এখন নম্বৰপ্লেট বিহীন বাহনত অহা এটা চোৰৰ দলে টিংৰাই পেট্ৰল পাম্পৰ সমীপত শুই থকা গৰু চোৰ কৰিবলৈ যাওঁতেই আৰক্ষীৰ চকুত ধৰা পৰে। আৰক্ষীক দেখি চোৰৰ দলটোৱে ডিব্ৰুগড় দিশে পলায়ন কৰে । টিংৰাই আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত টেঙাখাত আৰু লাহোৱাল আৰক্ষীক এই বিষয়ে অৱগত কৰি চোৰ দলটোৰ পাছে পাছে খেদি যায় । কিন্তু তীব্ৰ গতিত পলায়ন কৰা চোৰৰ দলটোৱে লাহোৱাল আৰক্ষীৰ বেৰিকেড ভাঙি পলায়ন কৰোতেই দূৰ্ঘটনাত পতিত হয় । পাছত পুনৰ পলায়নৰ চেষ্টা কৰি বাহনখনে বকুলত পুনৰবাৰ দুৰ্ঘটনা সংঘটিত কৰে । বাহনখন উদ্ধাৰ কৰিবলৈ আহি গাড়ীত গৰু দেখি স্থানীয় ৰাইজে দুই চোৰক উত্তমমাধ্যম সোধাই। পিছত ঘটনাস্থলীত টিংৰাই আৰক্ষী উপস্থিত হৈ বাহনসহ দুই গৰু চোৰ আটক কৰা লগতে তিনিটা চুৰি হোৱা গৰু উদ্ধাৰ কৰে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like