নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত চৰকাৰী চাউলৰ বৃহৎ ছিণ্ডিকেট : সাংবাদিকৰ কেমেৰাত বন্দী চোৰাং চাউল

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা আৰু ৰাষ্ট্ৰীয় অন্ন সুৰক্ষা যোজনাৰ চাউলৰ উজনি মাজুলীত চলিছে ৰমৰমীয়া বেহা। শিৱসাগৰ জিলাৰ পৰা চিকাৰীঘাটেৰে ভটভটি নাৱেৰে নিয়মীয়াকৈ মাজুলীলৈ সৰবৰাহ হয় চোৰাং চাউল। দীৰ্ঘদিনৰ পৰা দিখৌমুখ লাচন চিকাৰী (কুমাৰবাৰী) ঘাটেৰে অবৈধ ভাৱে সৰবৰাহ হৈ আহিছে । যি সময়ত খুদ মুখ্যমন্ত্ৰী জনে দুখীয়া লোকলৈ অহা অন্ন সুৰক্ষা যোজনাৰ অধীনৰ চাউল এজেণ্টে এটাও কাটিব নোৱাৰে বুলি কৈ আহিছে সেই সময়ত মাজুলীলৈ কুইন্টলে কুইন্টলে চাউল চোৰাংকৈ অনা কাৰ্যই মুখ্যমন্ত্ৰীৰ ঘোষণাক বুঢ়া আঙুলি দেখোৱা পৰিলক্ষিত হৈছে ৷ এক নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ পম খেদি কালি বিয়লি প্ৰায় তিনি বজাত এই প্ৰতিবেদক সহ এটি সাংবাদিকৰ দল ৰাওনা হৈছিল বিশেষ ঘাটটোলৈ ৷ লাচন চিকাৰীৰ কুমাৰবাৰী ঘাটত উপস্থিত হোৱাৰ লগে লগে চাউল অনা ভট ভটি নাওখন দক্ষিণ দিশে পলাই যায় ৷ সাংবাদিক কেইজনে চাউল সহ এখন টেক্টৰ পত্যক্ষ কৰি টেক্টৰখন ৰখাবলৈ বিচৰাত টেক্টৰ চালকে হাইড্ৰলিক ট্ৰেইলৰ ডাঙি চাউলখিনি চাপৰিতে পেলাই পলাই পতং দিয়ে ৷ সাংবাদিক কেইজনে বিষয়টো আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত নতুন বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ দিহিঙীয়া সহ এটি আৰক্ষীৰ দল উপস্থিত হৈ চাউলখিনি জব্দ কৰি টেক্টৰেৰে আৰক্ষী চকীলৈ অনা হয় ৷ এই চোৰাং চাউলখিনি কোন অসাধু চুৰাং বেপাৰিয়ে মাজুলীলৈ আনিছিল সেয়া বৰ্তমানো ৰহস্যৰ আৱত্তত ৷ উল্লখ্য যে চুৰাং ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা এই চোৰাং চাউলৰ বেহা দীৰ্ঘদিনৰ পৰা চলাই আহিছে বুলি চাপৰি বাসীয়ে মন্তব্য কৰিছে ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল এই চাউল সমুহ শিৱসাগৰ জিলাৰ কোন স্থানৰ পৰা কোন এজেণ্টে বিক্ৰী কৰিছে চোৰাং বেপাৰিক আৰক্ষীৰ সঠিক তদন্ততহে তথ্য পোহৰলৈ আহিব ৷ ইফালে সংবাদিক গৈ পোৱাৰ লগে লগে পলাই পতং দিয়া টেক্টৰ আৰু চোৰাং বেপাৰীক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ দুখীয়া লোকৰ নামত আবন্তিত চাউল চোৰাংকৈ বিক্ৰী কৰি নুদুকা হোৱা চুৰাং বেপাৰিক আৰক্ষীয়ে কৰায়ত্ত কৰিব পাৰে নে নোৱাৰে পৰৱৰ্তি সময়তহে গম পোৱা যাব ৷ এই অবৈধ্য চোৰাং ব্যৱসায়ৰ লগত জঢ়িত সমবায় সমিতিৰ এজেন্টসকলক শিৱসাগৰ জিলা প্ৰশাসনে উচিত তদন্তৰ যোগেদি উপযুক্ত শাস্তি প্ৰদান কৰিব পাৰেনে নোৱাৰে সেয়াই সকলোৰে বাবে লাখটকীয়া প্ৰশ্ন ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

 

You might also like