নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্ৰিশ লক্ষাধিক ভকতক আদৰিবলৈ সাজু দিহিঙীয়া মহুৰা পথাৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘঘৰ ৮৯ সংখ্যক অধিৱেশন লৈ মাজত মাত্ৰ কেইটামান দিন । কেউফালে কেৱল এতিয়া মাত্ৰ ব্যস্ততা । ত্ৰিশ লক্ষাধিক ভকতক আদৰিবলৈ সাজু সেৱক, সেৱীকা । হৰিনামৰ ধ্বনিৰ মাজত বৈকুণ্ঠ পূৰীলৈ পৰিণত হৈছে বৃহৎ অঞ্চল ।

ইতিমধ্যে ভাগে ভাগে কামত ব্যস্ত কৰ্মীসকল । ইফালে এতিয়াৰ পৰাই কামৰ মাজতেই হৰিনামেৰে মুখৰিত হৈ পৰিছে বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ ।

আনহাতে দহ হাজাৰ ভকতে একেলগে খাব পৰাকৈ প্ৰস্তুত কৰা হৈছে বিশেষ ভোজনালয় । নিৰ্মান হৈছে বিশেষ নাটঘৰ, য’ত অধিৱেশনৰ সময়ত প্ৰতিদিনে প্ৰদৰ্শিত হ’ব অংকীয়া নাট । অনুষ্ঠান স্থলীত একেলগে দহ হাজাৰ সেৱক-সেৱিকাই নিতৌ সেৱা আগবঢ়াবলৈ সাজু হৈছে । ইয়াৰোপৰি এইবাৰৰ অধিৱেশনত বহু নতুনত্বৰ বিশেষ আকৰ্ষণ দেখা যাব বুলি জনাইছে কৰ্মকৰ্তাসকলে ।

উল্লেখ্য যে পাঁচ ফ্ৰেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব এই অধিৱেশন । বিভিন্ন শাখা সমূহে নিৰ্মান কৰিছে প্ৰতিনিধি শিবিৰ । ২১৫ টা শিবিৰ নিৰ্মানৰ কাম চলিছে পূৰ্ণ গতিত । বিশেষ প্ৰতিধিনি শিবিৰ, সেৱা বাহিনীৰ শিবিৰ নিৰ্মানৰ ব্যাপক ব্যস্ততা বাঢ়িছে কৰ্মীসকলৰ ।

You might also like