নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰণফান্দত পৰিণত পাঠশালাৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ জিৰো পইণ্ট

উৰণীয়া সেতু নির্মাণৰ দাবী ভুক্তভোগী ৰাইজৰ

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ জনবহুলতাৰে দিনকদিনে অতিশয় ব্যস্ততাপূর্ণ ঠাইত পৰিণত হোৱা অসমৰ নাট্য–শিক্ষানগৰী পাঠশালাৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ মূল নগৰৰ স’তে যুক্ত সংযোগস্থলীত খোজ পেলোৱাৰ আগতে যেন প্রতিগৰাকী ব্যক্তিয়ে এশবাৰ ঈশ্বৰৰ নাম ল’ব লাগে৷ হয়তো তেওঁৰ জীৱনৰ এয়াই অন্তিম খোজ৷

কাৰণ কোন মুহূর্তত কোনটো দিশৰ পৰা চলন্ত গাডী তেওঁৰ মূৰৰ ওপৰেৰে পাৰ হৈ যায়, তাৰ কোনো ঠিক নাই৷ প্রতিটো খোজতে এক বিপদসংকুল তথা নৰক যন্ত্রণাৰে যাতায়াত কৰিবলগীয়া হৈছে ৩১নং ৰাষ্ট্রীয় ঘাইপথত৷ বহিঃৰাজ্যৰ পৰা ৰাজধানী চহৰ গুৱাহাটীকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন অঞ্চললৈ স্থলপথেৰে যাতায়াত কৰা সবাতোকৈ ব্যস্ততম ৰাজমার্গটো হৈছে ৩১নং ৰাষ্ট্রীয় ঘাইপথ৷

আনহাতে এই ব্যস্ততম ঘাইপথটোৰ স’তে পাঠশালা হাইৱে’ চ’কত সংযোগ ঘটিছে বহিঃৰাষ্ট্র ভূটানলৈ যোৱা ১২৭নং ৰাষ্ট্রীয় ঘাইপথৰ৷ এনে প্রেক্ষাপটতে পাঠশালা নগৰলৈ নিতৌ শ শ লোকে যাতায়াত কৰে৷ একেদৰে ৩১নং ৰাষ্ট্রীয় ঘাইপথটোৰেও অসংখ্য গাডী–মটৰ অহা–যোৱা কৰে৷ ফলত দুয়োটা ৰাষ্ট্রীয় ঘাইপথৰ সংযোগস্থল জিৰো পইণ্টত যান–জঁট হোৱাৰ উপৰি গাড়ীবোৰ কোনো নিয়ন্ত্রণ নোহোৱাকৈ অহা–যোৱা কৰে৷ এই পাঠশালা হাইৱে’ চ’কৰ সংযোগস্থলীৰে যাতায়াত কৰা পথচাৰীৰ লগতে কর্তব্যৰত আৰক্ষী জোৱানকো প্রতিটো ক্ষণতে মৃত্যুৰ সংশয়ে খেদি ফুৰে৷

আনহাতে সন্ধিয়া বেলি ডুবাৰ পিছত এই চ’কটো সম্পূর্ণভাৱে মৰণফান্দত পৰিণত হয়৷ কাৰণ ইয়াত নাই কোনোধৰণৰ পোহৰৰ ব্যৱস্থা৷ ইতিমধ্যে কেইবাটাও সৰু–বৰ দুর্ঘটনাৰ সাক্ষী হ’বলগীয়া হৈছে এই জিৰো পইণ্টটো৷ আনহাতে যাত্রীবাহী বাছসমূহৰ দৌৰাত্ম্যই ৰাইজক প্রতিটো ক্ষণতে আতংকিত কৰি তোলা দৃশ্য এতিয়া সুলভ৷ কিয়নো ডপযুক্ত বাছ আস্থানৰ অভাৱত অতি ব্যস্ত তথা জনবহুল চ’কটোত পথৰ ওপৰতে যেনিয়ে–তেনিয়ে গাডীবোৰ ৰাখি থোৱাৰ লগতে কোনো পৰিবহণ আইন নামানি যিকোনো দিশেৰে গতি কৰাটো এতিয়া সুলভ দৃশ্য পাঠশালা হাইৱে’ চ’কত৷ দুটাকৈ ৰাষ্ট্রীয় ঘাইপথৰ সংযোগ স্থল তথা পাঠশালাৰ দৰে এখন অতি ব্যস্ত নগৰত প্রৱেশদ্বাৰস্বৰূপ এই হাইৱে’ চ’কত যদিহে ড্রেফিকৰ সু–ব্যৱস্থা আৰু এখন ডৰণীয়া সেতু নির্মাণ কৰা নহয়, তেন্তে এদিন যে ভয়ংকৰ বিপদ ঘটিব সেয়া ধূৰূপ৷

এনে এক প্রেক্ষাপটতে বজালীৰ বিভিন্ন দল–সংগঠন আৰু ব্যক্তি বিশেষে এই জিৰো পইণ্টত এখন উৰণীয়া সেতু নির্মাণৰ লগতে ইয়াৰ চৌপাশৰ সৌন্দর্যবর্ধনৰ দিহা কৰাৰ বাবে বিভাগীয় কর্তৃপক্ষ তথা চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে৷

You might also like