নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত দুই সন্তানক ফাঁচ লগাই আত্মহত্যা মাতৃৰ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ হোজাইত মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ ঋণৰ কিস্তি দিব নোৱাৰি এগৰাকী মহিলাই নিজৰ ডেৰবছৰীয়া কন্যাক ফাঁচ লগাই নিজেও চিপ লোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । ইপিনে মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ পূৰ্বে আন এটা সন্তানকো ডিঙিত ফাঁচ লগাইছিল যদিও সৌভাগ্যক্ৰমে শিশুটি মৃত্যুৰ পৰা ৰক্ষা পৰে ।

উল্লেখ্য যে আত্মহত্যা কৰা চাবিলা বেগমে স্বামী দিলোৱাৰ আলীৰ হেঁচাত এল এণ্ড টি ফাইনেন্স, আৰোহণ আৰু বন্ধন বেংকৰ পৰা বৃহৎ পৰিমানৰ ঋণ লৈছিল । কিন্তু বিগত ৬-৭ মাহৰ পৰা দিলোৱাৰে পত্নীক খা-খৰচ বন্ধ কৰায়ে নহয়, বিভিন্ন গোটৰ পৰা পত্নীয়ে লোৱা ধনৰ কিস্তি দিয়াৰ পৰা বিৰত আছিল । যাৰ বাবে ঋণ পৰিশোধ কৰিব নোৱাৰি অৱশেষত বৃহস্পতিবাৰে চাবিলাই এই চৰম সিদ্ধান্ত লয় ।

You might also like