নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ হাজাৰ টকা ঘোচ লৈ আটক ডবকাৰ অ’চি

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ পুনৰ খাকী পোচাকত দাগ লগালে এগৰাকী আৰক্ষী বিষয়াই । ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিল এইবাৰ আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত । বৃহস্পতিবাৰে সন্ধিয়া ডবকা থানাত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলোৎপল ভূঞাক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে ধৃত আৰক্ষী বিষয়াজনে এজন যুৱকৰ পৰা গোচৰৰ মীমাংসাৰ বাবে ১০ হাজাৰ টকা দাবী কৰিছিল । ইপিনে বৃহস্পতিবাৰে যুৱকজনে দহ হাজাৰ টকা তেওঁক দিবলৈ অহাৰ পূৰ্বেই নোটৰ নম্বৰকেইটা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ হাতত দি আহিছিল । যাৰ পাছতেই আৰক্ষীৰ দলটোৱে বিষয়াজনক হাতে-লুটে ধৰা পেলায় ।

You might also like