নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সবাতোকৈ বিপজ্জনক ৫খন নদী, এবাৰ নামিলে উভতি আহিব নোৱাৰে মানুহ

বিশেষ বাৰ্তা, ২৫ মেঃ ভাৰত নদীমাতৃক দেশ। নদী বুলি ক’লেই গংগা, ব্ৰহ্মপুত্র, কাবেৰীৰ কথা মনলৈ অহা কোনো অস্বাভাৱিক কথা নহয়। বিৰল নহয় নদীত নামি জলকেলিত মতলিয়া হোৱাও। কিন্তু জানেনে পৃথিৱীৰ বিভিন্ন প্রান্তত আছে এনে কিছুমান নদী, য’ত জলকেলি কৰিবলৈ নামিলে আক্ষৰিক অর্থত হ’ব পাৰে ‘গংগাপ্রাপ্তি’।
ৱাৰ্ফ, ইংলেণ্ডঃ

এইখন যেন এখন প্রাকৃতিক ফান্দ! দেখিবলৈ যিমানে সুন্দৰ, সিমানেই বিপজ্জনক এই নদীখন। শুনা যায়, য়র্কশ্বায়াৰৰ কাষৰীয়া এই নদীখনত মানুহ পৰিলে আৰু উভতি আহিব নোৱাৰে। কিয়, সেয়া আজিও এক ৰহস্য। কোনোজনৰ মতে এই নদীগর্ভত আছে অসংখ্য প্রাকৃতিক সুৰংগ। সেই সুৰংগতেই তললৈ যায় মানুহ।

ছানায়-টিমপিছকা, পেৰুঃ

পেৰুৰ এইখন নদী পৃথিৱীৰ একমাত্র ‘উতলা পানীৰ নদী’ হিচাপে পৰিচিত। চাৰে ছয় কিলোমিটাৰ দীর্ঘৰ এই নদীখনৰ পানী ইমানেই উষ্ণ যে কোনো মানুহ ইয়াৰ পানীত পৰিলে তেওঁৰ পক্ষে বাচি ওভোতা কার্যতঃ অসম্ভৱ। নদীখনৰ ন্যূনতম উষ্ণতা ৪৫ ডিগ্রী চেলছিয়াছ। কোনো কোনো ঠাইত এই উষ্ণতা ১০০ ডিগ্রী চেলছিয়াছলৈ উঠে। পানী ভাপ হ’বলৈ আৰম্ভ কৰে।

কংগো, আফ্রিকাঃ

কংগো পৃথিৱীৰ গভীৰতম নদী। কোনো কোনো ঠাইত গভীৰতা ৭০০ ফুটৰো বেছি। এই গভীৰতাৰ বাবে নদীৰ তললৈ পোহৰে কোনো মতে ঢুকি নাপায়। সেয়ে নদীৰ তলত ঠিক কি আছে তাকে লৈ ৰহস্যৰ অন্ত নাই।

মিছিছিপি, উত্তৰ আমেৰিকাঃ

 

মিছিছিপি উত্তৰ আমেৰিকাৰ দীর্ঘতম নদী। আপাত দৃষ্টিত শান্ত এই নদীখনে প্রতি বছৰে বহু মানুহৰ প্রাণ কাঢ়ে। মিছিছিপি নদীখন ‘বুল ছার্ক’ আৰু ‘পাইক’ নামৰ এটা প্রজাতিৰ মাছৰ বাসস্থান। এই মাছবোৰৰ আক্রমণতে প্রতি বছৰে মৃত্যু হয় বহু মানুহৰ। ইয়াত সাঁতোৰা নিষেধ। ইয়াৰ উপৰিও নদীখনৰ তলত অসংখ্য আচৰিত ধৰণৰ সোঁত আছে, যিয়ে এজন সাঁতোৰবিদক গভীৰতালৈ লৈ যায় আৰু গিলিবলৈ সক্ষম হয়।

ইজিপ্তৰ নীল নদীঃ

বিশ্বৰ আটাইতকৈ দীঘল নদী নীল। এই নদী অসংখ্য ঘঁৰিয়ালৰ বাসস্থান আৰু মাৰাত্মক ৰোগ কঢ়িয়াই নিয়া মহৰ আশ্ৰয়স্থল। নীল নদী ১১ খন দেশৰ মাজেৰে বৈ গৈ ভূমধ্য সাগৰৰ লগত মিলি গৈছে। নদীখন দ্ৰুতগতিত চলা ঘঁৰিয়ালৰ বাবে বিখ্যাত, যিবোৰে প্ৰতি বছৰে প্ৰায় ২০০ জন লোকৰ প্ৰাণ কাঢ়ে। ঘঁৰিয়াল, বিষাক্ত সাপ আৰু মাৰাত্মক মহ আছে নদীখনত। গতিকে,সাৱধানতাৰে ভৰি দিয়ক।

You might also like