নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৈশৱৰ পৰাই আছিল গাড়ীৰ চখ, কেকে-ৰ সংগ্রহত আছিল বহু বিলাসী বাহন, সংগীতক পেছা হিচাপে লোৱাৰ আঁৰত কোন আছিল অনুপ্ৰেৰণা

বিশেষ বাৰ্তা, ১০ জুনঃ কলকাতাৰ নজৰুল মঞ্চৰ এক অনুষ্ঠানৰ শেষত মৃত্যু হৈছে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নথ ওৰফে কেকে-ৰ। তেওঁৰ মৃত্যুৰ পাছত পুৰণি এটি সাক্ষাৎকাৰ চৰ্চালৈ আহিছে, য’ত কেকে-এ নিজৰ চখৰ কথা জনাইছিল। সাক্ষৎকাৰত কেকে-এ জনাইছিল শৈশৱৰ পৰাই গাড়ীৰ প্রতি তেওঁৰ খুব দুৰ্বলতা আছিল। তেওঁলোকৰ এখন মাৰুতি গাড়া আছিল। কেকে-এ কৈছিল- প্রবল ইচ্ছা থাকিলেও তেওঁক কোনো দিনে সেই গাড়ীখন চলাবলৈ দিয়া নাছিল দেউতাকে।প্রেমিকাক লৈ ফুৰিবলৈ যোৱাৰ কথা জনালেও তেওঁক গাড়ী দিয়া হোৱা নাছিল। সেয়ে চাবোনত গাড়ীৰ চাবিৰ ছাপ লৈ নকল চাবি বনাই লৈছিল।

 

কেকেৰ আছিল বহুকেইখন বিলাসী গাড়ী। বহু কেইটা প্রতিবেদনৰ মতে, কেকেৰ সংগ্রহত আছিল জীপ চেৰোকি, মাৰ্ছিডিজ বেন্‌জ এ ক্লাছৰ দৰে গাড়ী। শেহতীয়াকৈ অ’ডি আৰএছ ৫ গাড়ীখনো কিনিছিল তেওঁ। চলিত বছৰৰ জানুৱাৰীতেই স্মেছিং মেটেলিক ৰেড পেইন্ট অ’ডি আৰএছ ৫ গাড়ীখন কিনিছিল। এইখন আছিল তেওঁৰ প্ৰিয় গাড়ী। ইনষ্টাগ্রামত ফটো শ্বেয়াৰো কৰিছিল। এইখন গাড়ীৰ শ্বৰুম দাম এক কোটি চাৰি লাখ টকা। জীপ চেৰোকি গাড়ীখনৰ দাম ৭৫ লাখ টকা (এক্স শ্বৰুম)। মাৰ্ছিডিজ বেন্‌জ এ ক্লাছিক গাড়ীখনৰ দাম প্রায় ৪ কোটি টকা। কিন্তু প্ৰতিষ্ঠানটোৱে এই গাড়ীখনৰ উৎপাদন বন্ধ কৰি দিয়ে ২০১৯চনত।

এক সাক্ষাৎকাৰত কেকে-এ কৈছিল- তেওঁৰ স্বপ্নক বাস্তবায়িত কৰাত পত্নী জ্যোতিৰ বৃহৎ ভূমিকা আছে। আন এক সাক্ষাৎকাৰত কৈছিল- সংগীতক তেওঁ পেছা হিচাপে লোৱাৰ নেপথ্যত আছিল আৰু এজন গায়কৰ অপাৰ অনুপ্ৰেৰণা। সেইগৰাকী হ’ল হৰিহৰণ।

You might also like