নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৱল পুৰস্কাৰ ধনৰ পৰাই ১০০০ কোটি উপাৰ্জন নাডালৰঃ ঘৰ-সম্পত্তি আৰু বিনিয়োগকে ধৰি সম্পত্তি কিমান জানেনে

বিশেষ বাৰ্তা, ৬ জুনঃ ক্লে ক’ৰ্টৰ সম্ৰাট ৰাফেল নাডালে ২০২২ চনৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেমতো জয়লাভ কৰিলে। অষ্ট্ৰেলিয়া অ’পেন জয় কৰাৰ পিছত যোৱা নিশা নাডালে ফ্ৰেন্স অ’পেন খিতাপ দখল কৰে। এয়া আছিল নাডালৰ ১৪ সংখ্যক ফ্ৰেন্স অ’পেন খিতাপ দখল। এই উপাধিৰে তেওঁ লাভ কৰিছে ১৮ কোটি টকাৰ পুৰস্কাৰ। এই পুৰস্কাৰৰ জৰিয়তে তেওঁৰ এতিয়ালৈকে মুঠ পুৰস্কাৰৰ পৰিমাণ হৈছেগৈ ৯৯০ কোটি।

যদি বিশ্বৰ বিভিন্ন ঠাইত ৰাফেলৰ সম্পত্তি, তেওঁৰ বিনিয়োগ আৰু তেওঁৰ বিলাসী গাড়ী সংগ্ৰহৰ কথা চাবলৈ যায় তেন্তে এক হিচাপ অনুসৰি স্পেনিছ তাৰকীগৰাকীৰ মুঠ সম্পত্তি ১৭০০ কোটিৰো অধিক। ২০০৬ চনৰ পৰা দক্ষিণ কোৰিয়াৰ দ্বিতীয় বৃহত্তম অটোম’বাইল নিৰ্মাণ কোম্পানী ‘KIA’ৰ গ্ল’বেল এম্বেছাডৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে নাডালে। ইয়াৰ লগতে আমেৰিকাৰ ব্ৰেণ্ড নাইকিও তেওঁৰ পৃষ্ঠপোষক। নাইকিয়ে নাডালৰ জোতা আৰু সাজ-পোছাকৰ ডিজাইন কৰে। ২০১০ চনৰ পৰা ৰাফেল নাডালে স্পেইনৰ বিস্কুট আৰু বেকাৰী নিৰ্মাতা কোম্পানী ‘কুইলি’ৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাম কৰি আহিছে। এইবোৰৰ উপৰিও তেওঁৰ ষ্টেণ্ডিয়াৰ, ইম্পেৰিঅ’ আৰ্মানি, বেবলেট, হেলিঅ’কেয়াৰ, টেলিফোনিকা, ব্ৰাংকো ছাবাডেল, টমী হিলফাইজাৰ, মেফ্ৰি, ইনশ্বুৰ আৰু গ’ৰ দৰে বহুতো ব্ৰেণ্ডৰ সৈতে জড়িত হৈ আছে।

বৃহৎ বিনিয়োগ: ৰাফেল নাডালৰ গৃহ চহৰ মেনাকোৰত এখন টেনিছ একাডেমী আছে। ৬ বছৰ আগতেই তেওঁ এই কাম আৰম্ভ কৰিছিল। ইয়াৰ লগতে স্পেনিছ ৰেষ্টুৰেণ্ট শৃংখল ‘টেটেল’তো বিনিয়োগ আছে ধনকুবেৰ তাৰকা খেলুৱৈগৰাকীৰ। বিখ্যাত গায়ক এনৰিক ইগলেছিয়াছ আৰু ক্রিষ্টিয়ানো ৰ’নাল্ডও তেওঁৰ এই বিনিয়োগৰ অংশীদাৰ৷

বাংলো আৰু গাড়ী: বিশ্বজুৰি বহুতো ঠাইত নাডালৰ মাটি-সম্পত্তি আছে। গৃহ চহৰত ‘মালৰ্কা’ নামে এটা বিলাসী বাংলো আছে, যাৰ মূল্য প্ৰায় ১২ কোটি। ডমিনিকান ৰিপাব্লিকত ১৬ কোটি টকাৰ এটা বিলাসী বাংলোও ক্ৰয় কৰিছে তেওঁ। ৰাফেল নাডালৰ আছে বহুকেইখন বিলাসী গাড়ীও। ইয়াৰ ভিতৰত আছে কিয়া ষ্টিংগাৰ, এষ্টন মাৰ্টিন ডিবিএছ আৰু মাৰ্চিডিজ-বেঞ্জ এছএল৫৫।

You might also like