নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাখৰ ঘৰত উপাৰ্জন! কোনে পায় সৰ্বাধিক, প্রতিখন শ্ব’ৰ বাবদ কিমান পাৰিশ্রমিক পায় বিচাৰকসকলে

বিশেষ বাৰ্তা, ১০ জুনঃ সৰু পর্দাৰ ধাৰাবাহিকৰ সমান্তৰালকৈ ৰিয়েলিটী শ্ব’ৰ জনপ্ৰিয়তা বাঢ়িছে। ভাৰতৰ জনপ্রিয় টেলিভিছন ৰিয়েলিটী শ্ব’বোৰৰ ভিতৰত ‘ইণ্ডিয়ান আইডল’, ‘ফিয়াৰ ফেক্টৰ: খতৰো কে খিলাড়ী’, ‘ডান্স ইণ্ডিয়া ডান্স’, ‘ৰোডিজ ৰেভলিউছন’, ‘ছুপাৰ ডান্সাৰ’, ‘ইণ্ডিয়া’জ গট টেলেন্ট’ আদি উল্লেখযোগ্য।

এই অনুষ্ঠানবোৰত নৃত্য, গীতসহ নানা ধৰণৰ প্রতিযোগিতাৰ আয়োজন কৰা হয়। দেশৰ বিভিন্ন প্রান্তৰ পৰা এই প্রতিযোগিতাবোৰত অংশগ্রহণ কৰিবলৈ আহে বিভিন্ন বয়সৰ, বিভিন্ন ক্ষেত্রৰ প্রতিভাধৰ। শক্তি মোহন, শ্রেয়া ঘোষাল, অৰিজিৎ সিং, সুনিধি চৌহান, প্রিন্স নাৰুলা, নেহা কক্কৰৰ দৰে অনেক তাৰকা আছে যিসকলে ৰিয়েলিটী শ্ব’ৰ মাধ্যমেৰেই ভৰি থৈছিল পেছাদাৰী সংগীত জীৱনত।

এই সকলো শ্ব’ৰ কেন্দ্র বিন্দু বিচাৰকসকল। এই আসনত বহা ব্যক্তিসকলৰ দায়িত্বভাৰ যিমান গুৰুতৰ, ঠিক তেনেকৈয়ে মোটা অংকৰ পাৰিশ্রমিকো লাভ কৰে তেওঁলোকে।

মহিলা বিচাৰকসকলৰ ভিতৰত সর্বোচ্চ পাৰিশ্রমিক লাভ কৰে শিল্পা ছেট্টী কুন্দ্রাই। নাচৰ বিভিন্ন ৰিয়েলিটী শ্ব’-ৰ বিচাৰকৰ আসনত শিল্পাক দেখা যায়। শ্ব’য়ে প্রতি ১৪ কোটি টকাকৈ পাৰিশ্রমিক পায় শিল্পাই। সূত্রৰ খবৰ অনুসৰি ‘ছুপাৰ ডান্সাৰ’-ৰ চতুর্থ ছিজন চলি থকা সময়ত পর্বয়ে প্রতি ২০ লাখ টকাকৈ পাইছিল তেওঁ।

একাধাৰে ভিডিঅ’ জকী তথা অভিনেতা ৰণবিজয় সিঙে দাৰুণ নৈপুণ্যৰে শ্ব’ পৰিচালনা কৰে। কিন্তু ‘ৰোডিজ ৰেভলিউছন’-ত বিচাৰকৰ আসনত তেওঁ বেলেগ ধৰণে নজৰ কাঢ়ে। ৰণবিজয়ে ‘ৰোডিজ ৰেভলিউছন’ৰ প্রতি পর্বত ১২ লাখ টকাকৈ পাৰিশ্রমিক লয়।

একেই ৰিয়েলিটী শ্ব’ৰ আন এজন বিচাৰক নেহা ধুপিয়া। প্রতিটো শ্ব’ৰ বাবদ পাৰিশ্রমিক হিচাপে তেওঁ আঠ লাখ টকা লয়।

ৰোডিজ-ত দেখা যায় নিখিল ছিনাপাককো। তেওঁ লয় ৯ লাখকৈ টকা পাৰিশ্রমিক।

বিগত পাঁচ বছৰ ধৰি ‘ফিয়াৰ ফেক্টৰ: খতৰো কে খিলাড়ী’ শ্ব’ক ৰোহিত ছেট্টীয়ে অন্য মাত্রালৈ লৈ গৈছে। প্ৰতিটো এপিছডৰ বাবদ তেওঁ ৯ লাখকৈ টকা পাৰিশ্রমিক লয়।

‘ইণ্ডিয়ান আইডল’-ৰ দ্বিতীয় ছিজনৰ প্রতিযোগী হিচাপে অংশগ্রহণ কৰিছিল নেহা কক্কৰে। এতিয়া তেওঁ পোনে বিচাৰকৰ আসনত। দ্বাদশ ছিজনৰ পর্বই প্রতি তেওঁ পাঁচ লাখ টকাকৈ পাৰিশ্রমিক পায়।

হিমেশ ৰেছমিয়াৰ মুখত ‘জয় মাতা দি, লেটছ ৰক’ উক্তিটো খুব জনপ্রিয়। ‘ইণ্ডিয়ান আইডল’-ত বিচাৰকৰ আসনত বহি প্রায়েই এই ডায়লগটো কোৱা শুনা যায় তেওঁৰ মুখত। প্ৰতি এপিছডৰ বাবদ চাৰি লাখ টকাকৈ পাৰিশ্রমিক দিয়া হয় তেওঁক।
ইয়াৰ উপৰিও মাধুৰী দীক্ষিত, ‘কপিল শর্মা শ্ব’-খ্যাত অর্চনা পূৰণ সিং, গীতা কপুৰ, কিৰণ খেৰে বিচাৰক হিচাপে প্ৰতিখন এপিচডৰ বিনিময়ত ১০ৰ পৰা ১৫ লাখ টকাকৈ পাৰিশ্রমিক পায় বুলি জনা যায়।

You might also like