নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানী আম্পায়াৰক ‘ঘোচ’ দি সুযোগ লৈছিল সেহৱাগে!

ভাৰতীয় ক্ৰিকেটত এটি উজ্জ্বল নাম বীৰেন্দ্ৰ সেহৱাগ। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত কেবাটাও অভিলেখ গঢ়ি আজিও এক সুকীয়া স্থান দখল কৰি আছে তেওঁ। এইজন দূৰ্দান্ত খেলুৱৈক আউট কৰিব পাৰিলে প্ৰতিপক্ষৰ বলাৰৰ মুখত দেখা গৈছিল কি এক সন্তুষ্টিৰ হাঁহি। কিন্তু আউট হোৱা সত্ত্বেও এবাৰ উভতি অহা নাছিল সেহৱাগ। কেনেকৈ সেয়া সম্ভব হৈছিল? সেই কথা কৈছে খোদ সেহৱাগে।


২০০৮ চনৰ কথা। ভাৰত ভিৰমনলৈ আহিছিল ৰিকি পন্টিঙৰ অষ্ট্ৰেলিয়াবাহিনী। মোহালিত আছিল দ্বিতীয় টেষ্ট মেছ। সেই সময়তে আউট হোৱা সত্ত্বেও পেভিলিয়ন এৰি উভতি অহা নাছিল সেহৱাগ।
বেটিং বিধ্বংসী হলেও ব্যবহাৰত সিমানেই নম্ৰ সেহৱাগ। এক কথাত মিতভাষী। আৰু ৰসিকতা কৰিও ভাল পায়। সিদিনা মোহালি টেষ্টৰ আম্পায়াৰ আছিল পাকিস্তানৰ প্রাক্তন আম্পায়াৰ আছাদ ৰৌফ।আম্পায়াৰ ৰৌফৰ সৈতে তেনে এটি ৰসিকতাই কৰিছিল সেহৱাগে। ৰৌফেও সেয়া সত্য বুলি ভাবি লৈছিল। সেহবাগৰ দাবী, ব্রেণ্ডেড টি-ছার্ট, চানগ্লাছ, জোতাৰ খুব চখ আছিল ৰৌফৰ। এবাৰ ৰৌফক সেইবোৰ উপহাৰ দি ধেমালিৰে কৈছিল ‘চাব, ইয়াৰ পাছত মোক আউট দিব নোৱাৰিব!’


ৰৌফৰ সৈতে ৰসিকতা কৰিলেও তাকেই সঁচা ভাবিছিল তেওঁ। মোহালিৰ দ্বিতীয় টেস্টত তাৰেই ফল পাইছিল। মিছেল জনছনৰ বলত সেহবাগে আউট হলেও আঙুলি তোলা নাছিল ৰৌফে। এই দাবী সেহৱাগৰ।


মিচেলৰ বল সেহবাগৰ বেটৰ কোনত লাগিছিল। স্পষ্ট শুনাও গৈছিল বেট-বলৰ শব্দ। কিন্তু তাৰ পাছতো আম্পায়াৰৰ তুলাচনীত আউট নহল সেহৱাগ। এই লৈ অষ্ট্ৰেলিয়াৰ কেপ্টেইন পণ্টিঙে আম্পায়াৰৰ সৈতে তৰ্কতো লিপ্ত হৈছিল।

You might also like