নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াৰ পাছত এইবাৰ সমুখসমৰত নিউজিলেণ্ড, কি হ’ব কোহলিৰ নতুন ৰণকৌশল

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ অষ্ট্ৰেলিয়াৰ সৈতে ঘৰৰ মাটিত অনুষ্ঠিত এদিনীয়া শৃংখলাত ২-১ ৰে বিজয় হোৱাৰ পাছত এইবাৰ টীম ইণ্ডিয়াৰ সন্মুখিন হ’ব আন এক পৰাক্ৰমী দল নিউজিলেণ্ডৰ ।

ইতিমধ্যে নিউজিলেণ্ড ভ্ৰমণত যাবলগীয়া ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ বাচনি সম্পূৰ্ণ হৈছে । অহা ২৪ জানুৱাৰীত ইয়াৰে প্ৰথমখন খেল অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে ৪০ দিনীয়া ভ্ৰমণসূচীলৈ নিউজেলেণ্ডত উপস্থিত হ’বলগীয়া ভাৰতীয় দলটোৱে ৫ খন টি-২০ আৰু ৩ খন এদিনীয়া আৰু ২ খন টেষ্ট মেচৰ শৃংখলাত অংশ ল’ব ।

ইপিনে শক্তিশালী অষ্ট্ৰেলিয়াৰ সৈতে বলিং, বেটিং, ফিল্ডিং সকলোতে ভাৰতীয় দলটোৰ খেলুৱৈসকল সুন্দৰ ফৰ্মত থকাৰ খবৰে স্বাভাৱিকতেই অধিনায়ক কোহলিৰ আত্মবিশ্বাস দুগুনে বৃদ্ধি কৰিছে । বিশেষকৈ মিডল অৰ্ডাৰৰ সমস্যাত ভুগি থকা ভাৰতীয় দলটোৱে লোকেশ ৰাহুলৰ ৰূপত উপযোগী বেটছমেন লাভ কৰিছে । যাৰ বাবে নিউজিলেণ্ড ভ্ৰমণলৈ উলোৱা দলটোৱে আকৰ্ষণীয় খেল দেখোৱাব বুলি সকলো ক্ৰীড়াপ্ৰেমীয়ে এতিয়া আশা কৰিছে ।

You might also like