নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সৰুসজাইত নৰ্থ ইষ্টৰ সন্মুখত মুম্বাই চিটী

নিউজডেস্ক, ২৭ নৱেম্বৰঃ বিগত ছীজনত ছেমিফাইনেল খেলা নৰ্থ-ইষ্টে এইবাৰ এতিয়ালৈকে চাৰিখন মেচ খেলি অপৰাজয়ৰ যাত্ৰা অব্যাহত ৰাখিছে । এই পৰ্যন্ত ৮ পইণ্ট অৰ্জন কৰি শীৰ্ষ চাৰিত নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিছে দলটোৱে । আজি মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে গুৱাহাটীত নৰ্থ ইষ্টে তৃতীয় তথা ছীজনৰ পঞ্চমখন মেচ খেলিব । ইয়াৰ পূৰ্বে ঘৰত খেলা প্ৰথমখন মেচত নৰ্থ ইষ্টে উৰিষ্যাক পৰাস্ত কৰাৰ বিপৰীতে এফ চি গোৱাৰে ড্ৰ খেলিছে । ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা মেচখন অনুষ্ঠিত হ’ব ।

You might also like