নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰাজয়ক লৈ উদ্বিগ্ন নহয় কোহলি

বর্তমান এদিনীয়াৰ বিশেষ প্রাসংগিকতা নাই

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ টেষ্ট আৰু টি–২০ ক্রিকেটৰ দৰে চলিত বর্ষত এদিনীয়া ক্রিকেটৰ বিশেষ প্রাসংগিকতা নাই ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা হেৰুওৱাৰ পিছত এই মন্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ৷ শৃংখলাত ক্রমাগত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হোৱাক লৈ উদ্বিগ্ন নহয় বুলি উল্লেখ কৰি তাৰকা বেটছমেনগৰাকীয়ে কয় যে এই বছৰটোত টেষ্ট আৰু টি–২০ৰ তুলনাত এদিনীয়াৰ বিশেষ প্রাসংগিকতা নাই ৷ অৱশ্যে দলৰ বিপর্যয়ৰ সময়ত ভাল খেলুৱৈৰ সন্ধান লাভ কৰাটো আমাৰ বাবে বৃহৎ ইতিবাচক দিশ ৷ মন কৰিবলগীয়া যে চলিত বছৰৰ অক্টোবৰত অষ্ট্রেলিয়াত আই চি চি টি–২০ বিশ্বকাপ অনুষ্ঠিত হ’ব ৷ একেদৰে আই চি চিৰ নতুন নিয়ম অনুসৰি বিশ্বৰ প্রতিটো দলে সম্প্রতি টেষ্ট চেম্পিয়নশ্বিপত  অংশ লৈ আছে ৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি অধিনায়ক কোহলিয়ে আজি টি–২০ আৰু টেষ্টৰ প্রাসংগিকতা অধিক বুলি উল্লেখ কৰে৷ ভাৰতে আজি ২২ ৰানত পৰাজয়ৰ সন্মুখীন হয় যদিও ৰবীন্দ্র জাদেজা আৰু নৱদীপ ছাইনীয়ে যুঁজাৰু ইনিংছেৰে দলটোলৈ আশা কঢ়িয়াই আনিছিল ৷

You might also like