নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষভাৱে সক্ষম শিশুৰ খেলৰ ভিডি’ৰে নৱবর্ষক আদৰণি শচীনৰ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ২০২০ চনক আদৰণি জনালে এটা হূদয় চুই যোৱা ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোডেৰে৷ তেণ্ডুলকাৰে টুইটাৰত আপলোড কৰা এই ভিডি’ত দেখা গ’ল বিশেষভাৱে সক্ষম এটি শিশু মাড্ডা ৰামে তেওঁৰ বন্ধুসকলৰ সৈতে খেলিছে ক্রিকেট৷

‘শিশু মাড্ডা ৰামে তেওঁৰ বন্ধুসকলৰ সৈতে খেলা ক্রিকেটৰ প্রেৰণাদায়ক ভিডি’ৰে আৰম্ভ কৰক ২০২০ চন৷ এই ভিডিঅ’ৱে মোৰ হূদয় চুই গৈছে আৰু মই নিশ্চিত আপোনালোককো এই ভিডিঅ’ৱে চুই যাব৷’ টুইটাৰত ভিডি’ আপলোড কৰি এইদৰে কয় ক্রিকেটৰ ভগৱানে৷

উল্লেখ্য যে এই প্রেৰণাদায়ক ভিডি’টো বর্তমান ভাইৰেল হৈ পৰিছে৷ ৫২০০বাৰ ইয়াক ৰি–টুইট কৰাৰ লগতে সহস্রাধিক লোকে পছন্দ কৰিছে৷

You might also like