নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰোত্তোলনত সিদ্ধান্তৰ সোণঃ প্রবাল প্রতিম–গীতাশ্রীৰ ৰূপ

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ ভাৰোত্তোলকে চমকপ্রদ প্রদর্শনেৰে কালি তিনিটাকৈ পদক জয় কৰে৷ দিছপুৰস্থিত ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ভাৰোত্তোলন ইভেণ্টৰ ২১ বছৰ অনূর্ধ্বৰ ৬১ কেজিত অসমৰ উদীয়মান খেলুৱৈ সিদ্ধান্ত গগৈয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷

শেহতীয়াকৈ নেপালত অনুষ্ঠিত ছাউথ এছিয়ান গেমছত পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা প্রতিভাৱান ভাৰোত্তোলকগৰাকীয়ে আজি মুঠ ২৬৩ কেজি উত্তোলন কৰি প্রথম স্থান অধিকাৰ কৰে৷ এই ইভেণ্টত অৰুণাচলৰ চাৰু পেচিয়ে ৰূপ আৰু মিজোৰামৰ জেকব ভানলালিলুংগাই ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়৷

ইফালে, পুৰুষৰ ৫৫ কেজিত অসমলৈ ৰূপৰ পদক কঢ়িয়াই আনে প্রবাল প্রতিম গগৈয়ে৷ তেওঁ মুঠ ২০৭ কেজি উত্তোলন কৰি দ্বিতীয় স্থান লাভ কৰে৷ একেদৰে ছোৱালীৰ ৪৯ কেজিত অসমৰ গীতাশ্রী সোণোৱালে সুন্দৰ প্রদর্শনেৰে ৰূপৰ পদক আঁজুৰি আনে৷ প্রতিভাৱান ভাৰোত্তোলকগৰাকীয়ে মুঠ ১৪২ কেজি উত্তোলন কৰি এই সফলতাৰ গৰাকী হয়৷

You might also like