নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম ভাৰতীয় হিচাপে ইতিহাসঃ টকিঅ’লৈ যোগ্যতা ফেন্সাৰ ভৱানী দেৱীৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ভাৰতৰ প্রথমগৰাকী ফেন্সাৰ হিচাপে সমাগত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে ভৱানী দেৱীয়ে৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে আজি টুইটাৰত দেশবাসীক এই শুভ সংবাদ দিয়ে আৰু ফেন্সাৰ ভৱানী দেৱীক অভিনন্দন জ্ঞাপন কৰে৷

এডজাষ্টেড অফিচিয়েল ৰেংকিং পদ্ধতি অনুসৰি ২৭ বছৰীয়া ভৱানী দেৱীয়ে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে বিগত বর্ষত স্থগিত হোৱা টকি’ অলিম্পিক এইবাৰ ২৭ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব৷

You might also like