নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ক্ৰিকেট উন্মাদনাঃ ইতিমধ্যে ২৭ হাজাৰ টিকট বিক্ৰী

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত–শ্রীলংকাৰ টি–২০ মেচ ৷

ইপিনে দেওবাৰৰ এই টি–২০ মেচৰ দিন চমু চাপি অহাৰ লগে লগে টিকট বিক্রীৰ পৰিমাণ ক্রমাৎ বৃদ্ধি পোৱা দেখা গৈছে৷ ৩০০ টকীয়া (ছাত্র–ছাত্রী) আৰু ১৫০০ টকীয়া টিকট মুকলিৰ কেইটামান ঘণ্টাৰ ভিতৰতে বিক্রী হোৱাৰ পিছত এতিয়া ৫,৫০০ টকীয়া, ২২০০ টকীয়া আৰু ২৭৫০ টকীয়া টিকট প্রায় শেষ হোৱাৰ পথত৷

অৱশ্যে ৪,৪০০ আৰু ৩,৮৫০ টকীয়া টিকটৰ বিক্রী এইপর্যন্ত আশাপ্রদ নহয়৷ ৰাজ্যৰ সাম্প্রতিক পৰিস্থিতিয়ে মেচখনৰ টিকট বিক্রীত প্রভাৱ পেলোৱাৰ আশংকা কৰা হৈছে৷

অসম ক্রিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই প্রকাশ কৰা অনুসৰি এইপর্যন্ত মুঠ ২৭ হাজাৰ টিকট বিক্রী হৈছে আৰু টীম ইণ্ডিয়াৰ ৰথী–মহাৰথীসকল আজি গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে টিকট বিক্রীৰ পৰিমাণ বৃদ্ধি পাব৷

মন কৰিবলগীয়া যে যোৱা মাহত গুৱাহাটীকে ধৰি সমগ্র ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনে হিংসাত্মক ৰূপ লোৱাত ভাৰত–শ্রীলংকাৰ মেচখনলৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল৷

You might also like