নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ অসম প্ৰাইজমানী ক্ৰিকেটত ডিগবৈ ক্ৰিকেট ক’চিং চেন্টাৰ চেম্পিয়ন

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: মৰিয়নিৰ হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱৰ উদ্যোগত ইয়াৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰাইজমানী টুৱেন্টি – টুৱেন্টি ক্ৰিকেট টুৰ্ণামেন্টত ডিগবৈ ক্ৰিকেট ক’চিং চেন্টাৰ চেম্পিয়ন হৈছে । আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত ডিগবৈয়ে হোজাই ক্ৰিকেট ক্লাৱক ১১২ ৰানৰ বিশাল ব্যৱধানত পৰাজিত কৰে । আজি ডিগবৈৰ বেটিং, বলিঙৰ সন্মুখত ধাৰাশায়ী হৈ পৰে হোজাই । টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় হোজাই দলে । ডিগবৈয়ে প্ৰথমে বেটিঙৰ কৰাৰ সুবিধা পাই নিৰ্দ্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৮২ ৰান সংগ্ৰহ কৰে । ডিগবৈৰ পংকজ কোঁ‌ৱৰে মাৰমুখি বেটিঙেৰে পাঁ‌চটা ‘ছয়’ আৰু এটা ‘চাৰি’ৰ সহায়ত ২৩ বলত অপৰাজিত ৪৯ ৰান গোটায় । তাৰোপৰি কে. হৰি বাবুৱে তিনিটা ‘ছয়’ আৰু ছটা ‘চাৰি’ৰ সহায়ত ৩৭ বলত ৪৭ ৰান, ৰঞ্জিত হাজৰিকাই পাঁ‌চটা ‘ছয়’ আৰু এটা ‘চাৰি’ৰ সহায়ত ১৭ বলত ৩৫ ৰান, জাহিৰ লস্কৰে তিনিটা ‘চাৰি’ৰ সহায়ত ২৫ বলত ২০ ৰানৰ বৰঙনি যোগায় । হোজাইৰ হৈ মহম্মদ হুছেইনে ৩৮ ৰান দি তিনিটা উইকেট দখল কৰে । প্ৰত্যুত্তৰত ১৮৩ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি ডিগবৈৰ ক্ষুৰধাৰ বলিঙৰ সন্মুখত হোজাই বেছিপৰ তিষ্টিব নোৱাৰিলে আৰু নিয়মিত সময়ৰ ব্যৱধানত উইকেট হেৰুৱাবলৈ ধৰে । হোজায়ে ১৩•২ অভাৰত মাত্ৰ ৭০ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে । দলৰ হৈ একমাত্ৰ সৌম্যদ্বীপ দাসে এটা ‘ছয়’ আৰু পাঁ‌চটা ‘চাৰি’ৰ সহায়ত ৩০ বলত ৩৭ ৰান কৰে । বাকি এজনো বেটাৰে দহকৰ সংখ্যাই স্পৰ্শ কৰিব নোৱাৰিলে । ডিগবৈৰ ওম জিত কুমাৰে ১২ ৰানৰ বিনিময়ত তিনিটা, ৰঞ্জিত হাজৰিকাত ১১ ৰান দি দুটা আৰু সাগৰ মজুমদাৰে ১৮ ৰান দি বিপক্ষৰ দুটা উইকেট দখল কৰে । খেলখন পৰিচালনা কৰে শংকু ঘোষ আৰু সান্তু বসাকে । ডিগবৈ ক্ৰিকেট ক’চিং চেন্টাৰৰ পংকজ কোঁ‌ৱৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটাৰ, মৰিয়নিৰ ৰয়েল চেলেঞ্জাৰৰ অজয় কৰ্মকাৰ শ্ৰেষ্ঠ বলাৰ, যোৰহাট চিটী বয়জৰ প্ৰৱাল বৰকটকী শ্ৰেষ্ঠ ফিল্ডাৰ নিৰ্বাচিত হয় । আনহাতে, ডিগবৈ ক্ৰিকেট ক’চিং চেন্টাৰৰ ৰঞ্জিত হাজৰিকাই ফাইনেলৰ ‘মেন অৱ দি মেচ’ আৰু ৰয়েল চেলেঞ্জাৰ মৰিয়নিৰ নীৰজ দত্তই ‘মেন অৱ দি টুৰ্ণামেন্টৰ সন্মান অৰ্জন কৰে । খেলৰ শেষত পিযুষ শৰ্মাই আঁ‌ত ধৰা সামৰণি অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম ৰাজ্যিক মহিলা ক্ৰিকেট দলৰ অধিনায়িকা বেদশ্ৰী বৰপাত্ৰগোঁ‌হাই, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিলোচন নাথ, পৌৰ সদস্যা চুমকি দত্ত মজুমদাৰ, কস্তুৰী আগৰৱালা গগৈ, গায়ত্ৰী চক্ৰৱৰ্তী, ফেনচ ক্লাৱৰ সভাপতি দ্বীপেন চেতিয়া, কৃষ্ণ গোপাল দেৱ, জিয়াউৰ ৰহমান আদিয়ে বিজয়ীসকলক পুৰস্কাৰসমূহ প্ৰদান কৰে । বিজয়ী দলক নগদ পঞ্চাশ হাজাৰ টকাৰ লগতে সুদৃশ্য ট্ৰফী, মেডেল, মানপত্ৰ আদি প্ৰদান কৰাৰ বিপৰীতে বিজিত দলক নগদ ত্ৰিশ হাজাৰ টকা, মানপত্ৰ, ট্ৰফী, মেডেল আদি প্ৰদান কৰা হয় । এই অনুষ্ঠানতে আৰ এক্স ডেন্স একাডেমীৰ শিল্পীসকলে নৃত্য পৰিবেশন কৰে ।

দিব্যজ্যোতি শইকীয়া

You might also like