আজিৰে পৰা আইপিএলৰ মহাৰণ, প্ৰথম দিনাই দুই নতুন অধিনায়কৰ যুঁজ
বিশেষ বাৰ্তা, ২৬ মাৰ্চঃ চেলিব্ৰিটী, উদ্যোগপতি আৰু ক্ৰিকেটাৰেৰে সমৃদ্ধ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ ঐশ্বৰ্যশালী টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আজিৰে পৰা আৰম্ভ হ’ব৷ পঞ্চদশ সংস্কৰণৰ আইপিএলত এইবাৰ দহটা দলে অংশগ্ৰহণ কৰিব৷ আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত উদ্বোধনী মেচখনত প্ৰতিদ্বন্দ্বিতা কৰিব যোৱাবাৰৰ বিজয়ী চেন্নাই ছুপাৰ কিংছ (চিএছকে) আৰু ৰাণাৰ্ছ-আপ কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ)এ৷ ২০১১ চনৰ পাছত এইবাৰ পুনৰ ১০ টা দলে বিশ্ব ক্ৰিকেটৰ অন্যতম জনপ্ৰিয় খেল ‘টী-২০’ ট্ৰফীৰ বাবে যুঁজ দিব। ‘লক্ষ্ণৌ চুপাৰজায়াণ্টছ’ আৰু ‘গুজৰাট টাইটানছ’ নামৰ দুটা নতুন দলে প্ৰায় ১.৭ বিলিয়ন মাৰ্কিন ডলাৰৰ সন্মিলিত মূল্য লাভ কৰি ব্ৰেণ্ড আইপিএলৰ পৰিসৰ পূৰ্বতকৈ বহুগুণে বৃদ্ধি হোৱাকে প্ৰতিফলিত কৰিছে৷ আজিৰ খেলখনত নেতৃত্ব দিব দুয়োটা দলৰ দুজন নতুন অধিনায়কে। চেন্নাইক ৰবীন্দ্ৰ জাদেজা আৰু কলকাতাক শ্ৰেয়াছ আয়াৰে নেতৃত্ব দিবলৈ সাজু হৈছে।