নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রীড়ামন্ত্রীৰ পৰা ২০২০ চনৰ অর্জুন বঁটা গ্রহণ অসমকন্যা লাভলীনাৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ অলিম্পিকৰ ইতিহাসত অসমৰ মান উজলোৱা একমাত্র ক্রীড়াবিদ লাভলীনা বৰগোহাঁইক আজি আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ল ‘অর্জুন’ সন্মান৷ ২০২০ চনতে ঘোষিত এই সন্মান ক’ভিড পৰিস্থিতিৰ বাবে ‘ভার্ছুৱেলী’ ইতিপূর্বে প্রদান কৰা হৈছিল যদিও সোমবাৰে ইয়াৰ আনুষ্ঠানিকতাও সম্পন্ন কৰা হয়৷

নতুন দিল্লীৰ অশোকা হোটেলত আয়োজিত এক অনুষ্ঠানত কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে টকিঅ’ অলিম্পিকৰ ৬৯ কেজি বক্সিঙত ব্রঞ্জৰ পদক অর্জন কৰা অসম–জীয়ৰী লাভলীনাক ক্রীড়া জগতৰ সন্মানীয় বঁটা অর্জুন প্রদান কৰে৷ ক্রীড়ামন্ত্রীগৰাকীয়ে ৭৪গৰাকীক সোমবাৰে ৰাষ্ট্রীয় বঁটা প্রদান কৰে৷

দেশত সৃষ্টি হোৱা ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে ২০২০ চনত ৰাষ্ট্রীয় বঁটা প্রদান অনুষ্ঠানটো স্থগিত ৰাখিছিল যদিও বঁটাপ্রাপকসকলক নগদ ধনৰ পুৰস্কাৰসমূহ আগবঢ়োৱা হৈছিল৷ অৱশ্যে তেওঁলোকক ট্রফী আৰু প্রশস্তি পত্র প্রদান কৰা হোৱা নাছিল৷ অৱশেষত কালি কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাৱে খেলুৱৈসকলক ট্রফী আৰু প্রশস্তি পত্রসমূহ প্রদান কৰে৷

উল্লেখ্য যে ২০২০ চনত তাৰকা ক্রিকেটাৰ ৰোহিত শর্মা, পেৰা এথলীট মাৰিয়াপ্পান থাংগাভেলু, টেবুল টেনিছ খেলুৱৈ মণিকা বাট্রা, মল্লযুঁজাৰু ভিনেশ ফ’গট আৰু মহিলা হকী খেলুৱৈ ৰাণী ৰামপালে খেলৰত্ন বঁটা লাভ কৰিছিল৷

You might also like