নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট অসম কন্যা লাভলীনা বৰগোহাঁই

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ অসম কন্যা লাভলীনা বৰগোহাঁইৰ। অলিম্পিকৰ বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতৰ তৃতীয়গৰাকী বক্সাৰ হৈছে লাভলীনা।

আধুনিক অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত অসমলৈ পদক কঢ়িয়াই অনা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ’ল লাভলীনা।

আজি ছেমি ফাইনেলত তাৰ্কিৰ শক্তিশালী প্ৰতিদ্বন্দ্বী চাৰ্মিনেলীৰ বিৰুদ্ধে দুৰ্দান্ত যুঁজ দি পৰাস্ত লাভলীনা।

মন কৰিবলগীয়া যে অসমে ইয়াৰ পূর্বে চাৰিগৰাকী অলিম্পিয়ান সৃষ্টি কৰিবলৈ সক্ষম হৈছে যদিও লাভলীনাৰ ৰূপত ৰাজ্যবাসীয়ে লাভ কৰিছে প্রথমগৰাকী পদক বিজয়ী অলিম্পিয়ান৷

You might also like