নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দা ৱালৰ ৪৮ সংখ্যক জন্মদিন

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ আজি প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ দা ৱাল খ্যাত ৰাহুল দ্ৰাবিড় ৰ ৪৮ সংখ্যক উপজা দিন। সেই উপলক্ষে ৰাহুল দ্ৰাবিড়ক বিচিচিআইৰ পৰা ধৰি লগৰ সতীৰ্থ তথা বৰ্তমানৰ খেলুৱৈ সকলে শুভেচ্ছা জনাইছে। বিচিচিআইয়ে জন্মদিনৰ শুভক্ষণত এক ভিডিঅ মুকলি কৰিছে। ক্ৰিকেট জগতৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ শচীন তেণ্ডুলকাৰে জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰি কয় জন্ম দিনৰ শুভেচ্ছা জিমী। আপুনি যিদৰে বেটিং কৰে তাৰ বাবে বলাৰ সকল আপুনি মূৰৰ কামোৰণি হৈ যায়। আনহাতে প্ৰাক্তন তাৰকা বেটছমেন ভিভিএছ লক্ষ্মণে শুভেচ্ছা জনায় কয় যে মোৰ প্ৰিয় বন্ধু ৰাহুল গান্ধীৰ জন্ম দিনৰ বহুত শুভকামনা। আপোনাৰ এই বছৰত বহুত, মৰম আৰু যশশ্ৰী কঢ়িয়াই আনক। বৰ্তমান ৰাহুল দ্ৰাবিড় ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

You might also like